TMC নেতাৰ ঘৰত সংঘটিত বিস্ফোৰণত মৃত্যু ৩ জনৰ…

84

পশ্চিম বংগৰ পূব মেদিনীপুৰ জিলাৰ ভগৱানপুৰ অঞ্চলৰ তৃণমূল কংগ্ৰেছৰ নেতাৰ বাসগৃহত শনিবাৰে পুৱাৰ ভাগত খাৰুৱা বোমা বিস্ফোৰণৰ ফলত কমেও তিনিজন লোক নিহত হয়।

জানিব পৰা মতে, পশ্চিম বংগ বিধানসভাৰ বিৰোধী দলপতিৰ নেতা সুভেন্দু অধিকাৰীৰ পূৰ্বপুৰুষৰ বাসগৃহৰ সমীপত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

আজি জিলাখনত টিএমচিৰ জ্যেষ্ঠ নেতা অভিষেক বেনাৰ্জীৰ নিৰ্ধাৰিত সমাৱেশ অনুষ্ঠিত হোৱা পূৱ মিদনাপুৰৰ কণ্টাইৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত সংঘটিত হয় এই বিস্ফোৰণ।

নিহত টিএমচিৰ নেতা কেইজন হৈছে ব্লকৰ সভাপতি ৰাজকুমাৰ মান্না, তেওঁৰ ভাতৃ দেৱকুমাৰ মান্না আৰু আনজন ব্যক্তি বিশ্বজিৎ গায়ন বুলি চিনাক্ত কৰা হৈছে।

এই বিষয়ত টিএমচি জড়িত থকাৰ অভিযোগ উত্থাপন কৰি বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে দাবী কৰে যে টিএমচিৰ নেতা ৰাজকুমাৰ মান্নাৰ ঘৰত “বোমা নিৰ্মাণ” কৰি থকাৰ সময়তে এই উচ্চ তীব্ৰতাসম্পন্ন বিস্ফোৰণ সংঘটিত হৈছিল।

প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি দিলীপ ঘোষে কয় যে “ৰাজ্যত কেৱল বোমা নিৰ্মাণ উদ্যোগহে ফুলি উঠিছে”।

স্থানীয় আৰক্ষী সূত্ৰৰ তথ্য অনুসৰি বিস্ফোৰণত গুৰুতৰভাৱে আহত আন দুজনক ততাতৈয়াকৈ কাষৰীয়া পশ্চিম মিদনাপুৰ জিলাৰ এখন স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

বিস্ফোৰণ সংঘটিত হোৱাৰ পিছত বিশেষকৈ অভিষেক বেনাৰ্জীৰ সমাৱেশৰ বাবে শুকুৰবাৰৰ পৰা সমগ্ৰ অঞ্চলটো আৰক্ষীয়ে ঘেৰাও কৰি ৰখাৰ সময়ত নিৰাপত্তাৰ ব্যৱস্থাৰ ত্ৰুটিৰ ওপৰত প্ৰশ্ন উত্থাপন হয়।