গেলেক্সি এছ ২৪ৰ ৰূপান্তৰৰ সময়ক ৰিৱাৰ্ডিং পিৰিয়ড ৰূপে অনুভৱ টি এম ৰোহৰ

593

চেমচাং গেলেক্সি এআইয়ে মানুহক সীমাৰ পৰিধি ভাঙি যোগাযোগ কৰাত সহায় কৰিছে, মানুহৰ দৈনন্দিন কামবোৰ সহজে কৰাৰ লগতে আন বহুতো সুযোগ-সুবিধা আনি দিছে। কোম্পানীটোৱে শেহতীয়াভাৱে সদৰি কৰা অনুসৰি চেমচাঙে মোবাইল এআই অভিজ্ঞতা অহৰহ বৃদ্ধি আৰু উন্নীতকৰণৰ প্ৰয়াস কৰি আহিছে আৰু আগন্তুক দিনবোৰত গেলেক্সি ব্যৱহাৰকাৰীসকলে অধিক গেলেক্সি এআই বৈশিষ্ট্যসমূহ উপভোগ কৰিব পাৰিব। উন্নীত ডিজিটেল স্বাস্থ্য আৰু বুদ্ধিদীপ্ত স্বাস্থ্য অভিজ্ঞতা প্ৰদানৰ বাবে চেমচাঙে নিৰ্বাচিত গেলাক্সি ৱেয়াৰেবলত এআই ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছে আৰু ইয়াৰ বাবে উদ্যোগৰ অগ্ৰণী এআই অংশীদাৰসকলৰ সৈতে সহযোগিতা কৰি গেলেক্সি এআই অভিজ্ঞতাসমূহ বিভিন্ন শিতানৰ মাজেৰে সমৃদ্ধ আৰু সম্প্ৰসাৰণ কৰিব।

ভাৰতত গেলেক্সি এছ ২৪ ছিৰিজে চেমচাঙৰ প্ৰত্যাশাক অতিক্ৰম কৰি ৩ দিনৰ ভিতৰত ২,৫০,০০০ প্ৰি-বুকিং লাভ কৰিছে। এআই ক্ষেত্ৰখনলৈ বিপ্লৱ অনাৰ ক্ষেত্ৰত চেমচাঙৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে কিয়নো মোবাইল ফোনক এআই ব্যৱহাৰযোগ্য কৰি তোলাৰ লগে লগে নতুন দিগন্তৰ সূচনা কৰিছে। চেমচাঙে মোবাইল ব্যৱহাৰকাৰী গ্ৰাহকসকলে দৈনন্দিন জীৱনত প্ৰকৃততে কেনেদৰে গেলেক্সি এআইৰ সুবিধা গ্ৰহণ কৰিছে তাৰ বিষয়ে সূক্ষ্ম দৃষ্টি ৰাখিছে।এই বিষয়ে চেমচাং ইলেক্ট্ৰনিকছৰ এমএক্স ব্যৱসায় খণ্ডৰ অধ্যক্ষ তথা মুৰব্বী ড০ টিএম ৰোহে কয় যে, “গেলেক্সি এছ২৪ ছিৰিজৰ উন্নীতকৰণ মোৰ কেৰিয়াৰৰ আটাইতকৈ লাভজনক আৰু উপভোগ্য সময়।

এজন অভিযন্তা হিচাপে বিভিন্ন অবিশ্বাস্য উদ্ভাৱন দুচকুৰে প্ৰত্যক্ষ কৰিছোঁ, কিন্তু এআই হৈছে শতিকাৰ সবাতোকৈ পৰিৱৰ্তনশীল প্ৰযুক্তি। কেৱল নিৰ্বাচিত একাংশ অভিযন্তাইহে এনেধৰণৰ যুগান্তকাৰী সম্ভাৱনা থকা বিষয়ৰ সৈতে জড়িত হোৱাৰ সুযোগ পায়। ই কেৱল চেমচাং আৰু মোবাইল উদ্যোগৰ বাবেই নহয়, সমগ্ৰ মানৱজাতিৰ বাবে যথেষ্ট পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।”