দেশখনে অটো এক্সপো ২০২৩-ৰ বাবে সাজু হোৱাৰ লগে লগে, টয়োটা কিৰ্লোস্কাৰ মটৰ (টিকেএম) ইয়াৰ উন্নত প্ৰযুক্তি আৰু প্ৰডাক্টলাইন-আপৰ সৈতে “একেলগে আগবাঢ়ি যোৱাৰ শিহৰণ আৰু আনন্দ” ধাৰণাটোৰ সৈতে এক অংশ হ’বলৈ সাজু হৈছে। আকৰ্ষণীয় আৰু স্বকীয় প্ৰদৰ্শনবোৰতিনিটা ক্ষেত্ৰত বিভক্ত কৰা হৈছে যেনে প্ৰযুক্তি ক্ষেত্ৰ, আৱেগিক অঞ্চল আৰু পৰিৱেশ ক্ষেত্ৰ যি ষ্টলটোৰ সামগ্ৰিক ধাৰণা আৰু মুখ্য শাখাবোৰ প্ৰতিনিধিত্ব কৰে।
প্ৰযুক্তি ক্ষেত্ৰত প্ৰদৰ্শন কৰা ত অন্তৰ্ভুক্ত আছে বিভিন্ন ধৰণৰ চেল্ফ চাৰ্জিং ষ্ট্ৰং হাইব্ৰিড ইলেক্ট্ৰিক বাহন, প্লাগ-ইন হাইব্ৰিড বাহন, ফুৱেল চেল বৈদ্যুতিক বাহন, ফ্লেক্সি ফুৱেল হাইব্ৰিড বৈদ্যুতিক বাহন আৰু বৈদ্যুতিক বাহনযি সেউজ প্ৰযুক্তি লাইন-আপৰ বিস্তৃত পৰিসৰ প্ৰতিনিধিত্ব কৰে। লগতে প্ৰদৰ্শনত আছে হাইড্ৰজেন ধাৰণা প্ৰযুক্তি। আৱেগিক ক্ষেত্ৰখনে আমাৰ যুৱ গ্ৰাহক আৰু দৰ্শকসকলক আকৰ্ষণ কৰিবলৈ পৰিৱৰ্তিত বাহনসহ এক ৰোমাঞ্চকৰ এছ.ইউ.ভি. লাইন-আপৰ জৰিয়তে যুৱ সংযোগ প্ৰদৰ্শন কৰে।
পৰিৱেশ ক্ষেত্ৰখনে মানুহ, প্ৰক্ৰিয়া আৰু সামগ্ৰীৰ জৰিয়তে এক বহনক্ষম সমাজ গঢ়ি তোলাৰ বাবে টিকেএমৰ প্ৰচেষ্টাক মূৰ্ত কৰি তুলিছে যাৰ ফলত দেশৰ বহনক্ষম পদক্ষেপসমূহত যথেষ্ট অৰিহণা যোগাইছে। অটো এক্সপো ২০২৩-ত অংশগ্ৰহণ নিশ্চিত কৰি টিকেএমৰ বিক্ৰী আৰু কৌশলগত বিপণনৰ সহযোগী উপ-সভাপতি শ্ৰীঅতুল সুদে কয়, “কাৰ্বন নিৰপেক্ষতা প্ৰাপ্ত কৰাটো আমাৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বানআৰু কাৰ্বনৰ বিৰুদ্ধে যুঁজৰ বাবে একাধিক প্ৰযুক্তিৰ পথৰ প্ৰয়োজন হ’ব আৰু আমাৰ শেহতীয়া প্ৰস্তাৱবোৰ সেই দিশত আন এক পদক্ষেপ।
