টিকেএমে মুকলি কৰিছে সম্পূৰ্ণ নতুন আৰ্বান ক্ৰুজাৰ টেইজৰ: নতুন এছইউভিৰ সৈতে “তৈয়াৰ কৰক আপোনাৰ পথ”

405

টয়টা কিৰ্লস্কাৰ মটৰে (টিকেএম) ভাৰতত বহুমুখী এছইউভি বাহনসূচীৰ শক্তিশালী আৰু সম্পূৰ্ণ ৰেঞ্জৰ গতিশীল সংযোজন হিচাপে সম্পূৰ্ণ নতুন টয়টা আৰ্বান ক্ৰুজাৰ টেইজৰ মুকলি কৰিছে। টয়টা কিৰ্লস্কাৰ মটৰৰ এছইউভি ছেগমেণ্টত নতুন দিগন্তৰ সূচনা কৰি সম্পূৰ্ণ নতুন টয়টা আৰ্বান ক্ৰুজাৰ টেইজৰে আধুনিক ষ্টাইল, অত্যাধুনিক সুবিধা আৰু উন্নত প্ৰযুক্তিৰ জৰিয়তে আহৰণ কৰা আভিজাত্যৰ অনুভূতি প্ৰদান কৰিবলৈ সাজু হৈছে, যিয়ে ভাৰতীয় গ্ৰাহকসকলক এই বাহনখন এক নিখুঁত পছন্দ কৰি তুলিছে।

অল-নিউ আৰ্বান ক্ৰুজাৰ টেইজৰ হৈছে এখন ষ্টাইলিছ এছইউভি বাহন, যিয়ে উন্নত বৈশিষ্ট্যসমূহ প্ৰদান কৰি শক্তিশালী প্ৰদৰ্শনৰ সংমিশ্ৰণ ঘটাইছে। ইয়াত টয়টাৰ এছইউভি ঐতিহ্যৰে অনুপ্ৰাণিত এক অনন্য ফ্ৰণ্ট ডিজাইনৰ বৈশিষ্ট্য প্ৰদান কৰি নতুন ৰূপ দিয়া হৈছে, যিয়ে আভিজাত্যৰ অনুভূতি নিশ্চিত কৰিছে। এই বিষয়ে টয়টা কিৰ্লোস্কাৰ মটৰৰ এমডি আৰু চিইঅ’ তথা টয়টা মটৰ কৰ্প’ৰেশ্যন(টিএমচি)ৰ ৰিজিঅ’নেল চিইঅ’ মাছাকাজু যোছিমুৰাই কয় যে, “নতুনকৈ মুকলি কৰা সম্পূৰ্ণ নতুন আৰ্বান ক্ৰুজাৰ টেইজৰৰ জৰিয়তে আমি গ্ৰাহকৰ প্ৰতি আমাৰ দায়বদ্ধতা প্ৰতি মুহূৰ্ততে মনত ৰাখিছো, যাতে আমি গ্ৰাহকৰ প্ৰতি নিজৰ সমৰ্পণ প্ৰতিফলিত কৰি সকলো গ্ৰাহকৰ সুকীয়া প্ৰয়োজনীয়তাসমূহ পূৰণ কৰি ‘সকলোকে গণ সুখ’ যাতে প্ৰদান কৰিব পাৰোঁ।

অল-নিউ আৰ্বান ক্ৰুজাৰ টেইজৰত ১.০ এল টাৰ্বো, ১.২ এল পেট্ৰ’ল আৰু ই-চিএনজি বিকল্পৰ সৈতে ব্যতিক্ৰমী পৰিৱেশন আৰু ইন্ধন কাৰ্যক্ষমতা প্ৰদান কৰিছে। এই বাহনখনত উন্নত প্ৰযুক্তি আৰু স্মাৰ্ট সংযুক্ত সুবিধাসমূহ প্ৰদান কৰিছে যাতে গৰাকী-আৰোহীয়ে ভ্ৰমণৰ সুবিধাজনক অভিজ্ঞতা লাভ কৰিব পাৰে। বাহনখনৰ বিশেষ কেবিনে ভাৰতীয় মানুহৰ পছন্দ অনুসৰি প্ৰস্তুত কৰা হৈছে আৰু ইয়াত চালক আৰু যাত্ৰী উভয়ৰে বাবে শীৰ্ষ মানদণ্ডৰ সুৰক্ষা বৈশিষ্ট্য প্ৰদান কৰা হৈছে। টয়টাৰ বিস্তৃত ৱাৰেণ্টীয়ে গ্ৰাহককেন্দ্ৰিক প্ৰচেষ্টা প্ৰদৰ্শনৰ লগতে মূল্য সংযোজিত সেৱা প্ৰদান কৰিছে। ১১,০০০ টকাৰ প্ৰাৰম্ভিক মূল্যত বাহনখনৰ বুকিং আৰম্ভ হৈছে আৰু ২০২৪ চনৰ মে’ মাহৰ পৰা গ্ৰাহকসকলক ডেলিভাৰী প্ৰদান কৰিব।