টি কে এমৰ ব’ৰ্ডত নতুন ডাইৰেক্টৰক অন্তৰ্ভুক্ত

536

টয়োটা কিৰ্লোস্কাৰ মটৰে (টি কে এম) ইয়াৰ ব’ৰ্ডত তেওঁলোকৰ দুজন জ্যেষ্ঠ বিষয়াক পদোন্নতি দিয়াৰ কথা ঘোষণা কৰিছে। তাদাশী আছাজুমা আৰু স্বপ্নেশ আৰ মাৰুয়ে ১৯ জানুৱাৰী ২০২৩ তাৰিখৰ পৰা টি কে এম-ৰ ব’ৰ্ডত নতুন ডাইৰেক্টৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে ।

জাপান আৰু মধ্য প্ৰাচ্যৰ দৰে অঞ্চলত টয়োটাৰ বাবে কাম কৰাৰ এক সমৃদ্ধ গোলকীয় অট’মোবাইল উদ্যোগত কাম কৰা অভিজ্ঞতাৰে অভিজ্ঞ তাদাশী আছাজুমা। তেওঁ বৰ্তমান টি কে এমৰ কাৰ্যবাহী উপাধ্যক্ষ আৰু বিক্ৰী, সেৱা আৰু ব্যৱহৃত গাড়ী ফাংচনৰ মুৰব্বীৰ দায়িত্ব পালন কৰি আছে আৰু  স্বপ্নেশ আৰ মাৰু বৰ্তমান কাৰ্যবাহী উপাধ্যক্ষ আৰু মুখ্য অনুপালন বিষয়া (Chief Compliance Officer) হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু টি কে এমত বিত্ত, মানৱ সম্পদ আৰু প্ৰশাসন, তথ্য প্ৰযুক্তি, আইনী আৰু কৰ্পোৰেট পৰিকল্পনাৰ তত্বাৱধানৰ দায়িত্বত আছে।

তেওঁৰ অভিজ্ঞতাৰ ভিতৰত আছে থাইলেণ্ডৰ টয়োটা দৈহাটচু অভিযান্ত্ৰিক আৰু নিৰ্মাণ কোম্পানীত কাম কৰা। এক জনকেন্দ্ৰিক সংগঠন হিচাপে, টি কে এমে ইয়াৰ নেতৃত্ব শক্তিশালী কৰাৰ বাবে নিৰন্তৰ প্ৰচেষ্টা নিশ্চিত কৰে আৰু ‘Mass Happiness to All’ কৰাৰ প্ৰতিশ্ৰুতি শক্তিশালী কৰে।