টয়োটা কিৰ্লোস্কাৰ মটৰ (টিকেএম)-এ পৰিৱেশ মাহ ২০২৫ৰ শুভাৰম্ভণি কৰি “বহনক্ষম সম্পদ ব্যৱস্থাপনা অভিযান” বিষয়বস্তুৰ জৰিয়তে বহনক্ষমতাৰ প্ৰতি নিজৰ দায়বদ্ধতাক সুদৃঢ় কৰিছে। এই পদক্ষেপ টয়োটা পৰিৱেশ প্ৰত্যাহ্বান ২০৫০ৰ বিস্তৃত লক্ষ্য আৰু “টয়োটা গ্ল’বেল ভিজন ২০৫০ বাস্তৱায়িত কৰাৰ দিশত সজাগতা বৃদ্ধি”ৰ বিশ্বব্যাপী বিষয়বস্তুৰ সৈতে সংগতি ৰাখে। এই অভিযানৰ লক্ষ্য হৈছে সমগ্ৰ প্ৰতিষ্ঠান আৰু মূল্য শৃংখলত বহনক্ষমতাৰ সংস্কৃতি শক্তিশালী কৰা।
এই বছৰৰ প্ৰয়োজনীয় অন্যতম মূল উপাদান হৈছে ‘শূন্য-ভিত্তিক চিন্তাধাৰা’ গ্ৰহণ কৰা – যি কৌশলত সকলো সম্পদৰ ভূমিৰ পুনৰ মূল্যায়ন আৰু কেৱল সেইবোৰকহে ধৰি ৰখা, যিয়ে প্ৰকৃত মূল্যৰ বাবে অৰিহণা যোগায়, যাৰ ফলত ৰিফিউজ, ৰিচাইকেল(বৃত্তাকাৰ অৰ্থনীতি), ৰিইউজ আৰু ৰিডিউচ(৪আৰ)ৰ জৰিয়তে দীৰ্ঘম্যাদী বহনক্ষম দক্ষতাক প্ৰসাৰিত কৰে। ২০২৫ৰ সংস্কৰণটোৱে সজাগতা আৰু নিয়োজিততা শক্তিশালী কৰাৰ বাবে কৰা নিৰন্তৰ প্ৰচেষ্টাসমূহৰ ওপৰত গুৰুত্ব প্ৰদানৰ প্ৰয়াস কৰিছে, লগতে ভাৰতত টিকেএমৰ সফল যাত্ৰাৰ ২৫ বছৰতকৈও অধিক সময় উদযাপন কৰা হৈছে আৰু ‘সেউজলৈ যাত্ৰা @ ২৫” বিষয়বস্তুৰ জৰিয়তে মূল পৰিৱেশজনিত কৃতিত্বসমূহ প্ৰতিফলিত কৰিছে।
টয়োটা কিৰ্লোস্কাৰ মটৰৰ উৎপাদন শাখাৰ কাৰ্যবাহী উপাধ্যক্ষ তথা সঞ্চালক বি পদ্মনাভাই এই বিষয়ে কয় যে, “এই পৰিৱেশ মাহটো কেৱল কেলেণ্ডাৰৰ আগমন উপলক্ষে নিয়মমাফিক আয়োজিত অনুষ্ঠানে নহয়-ই আমাৰ মূল্য শৃংখলৰ প্ৰতিজন ব্যক্তিৰ বাবে এক সেউজ ভৱিষ্যতৰ বাবে সক্ৰিয়ভাৱে অৰিহণা যোগাবলৈ এক আহ্বান হিচাপে কাম কৰি আহিছে”। পৰিৱেশ মাহ ২০২৫ “টিকেএম বহনক্ষম হাব ২০২৫”ৰ দ্বাৰা পৰিচালিত হ’ব, যি এক গতিশীল মঞ্চ, যিয়ে বহনক্ষমতাৰ ক্ষেত্ৰত শিক্ষণ, উদ্ভাৱন আৰু পাৰস্পৰিকভাৱে জড়িত হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। টয়োটাৰ “গ্ৰহটোৰ প্ৰতি সন্মান” দৰ্শনৰ দ্বাৰা চালিত এই পদক্ষেপে অৰ্থপূৰ্ণ সহযোগিতা আৰু আগন্তুক চিন্তাধাৰাৰ পদক্ষেপৰ জৰিয়তে ন ন দৃষ্টিভংগীক কাৰ্যলৈ ৰূপান্তৰ কৰে, যিয়ে দীৰ্ঘম্যাদী পৰিৱেশ-দায়বদ্ধতাকো অনুপ্ৰাণিত কৰে।
