দ্বিতীয় বিশ্বযুদ্ধ ইম্ফল কেম্পেইন ফাউণ্ডেচনলৈ হিলাক্স দান টিকেএম-পুনিয়া টয়োটাৰ

372

টয়োটা কিৰ্লোস্কাৰ মটৰ (টিকেএম)য়ে ইয়াৰ ডিলাৰ অংশীদাৰ-পুনিয়া টয়োটাৰ সৈতে দ্বিতীয় বিশ্বযুদ্ধ ইম্ফল কেম্পেইন ফাউণ্ডেচনলৈ নিউ টয়োটা হিলাক্স দান কৰাৰ কথা ঘোষণা কৰিছে। এই হিলাক্সখন ফাউণ্ডেচনৰ দ্বাৰা তেওঁলোকৰ ঐতিহাসিক প্ৰাসংগিকতাৰ গৱেষণা কাৰ্যকলাপ অব্যাহত ৰাখিবলৈ আৰু উত্তৰ-পূবৰ পাহাৰীয়া পথবোৰত সহজে যাতায়ত কৰিবলৈ দান কৰিছে।

ইম্ফলৰ পুনিয়া ডিলাৰশ্বিপত আয়োজিত এক অনুষ্ঠানত  টিকেএম আৰু পুনিয়া টয়োটাই যুটীয়াভাৱে দ্বিতীয় বিশ্বযুদ্ধ ইম্ফল কেম্পেইন ফাউণ্ডেচনৰ কৰ্তৃপক্ষক টয়োটা হিলাক্সৰ বাহনৰ চাবি প্ৰদান কৰে।

 টিকেএমৰ  প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি টয়োটা কিৰ্লোস্কাৰ মটৰৰ ষ্ট্ৰেটেজিক বিজনেছ ইউনিটৰ এছ’চিয়েট জেনেৰেল মেনেজাৰ  শ্ৰীযুত ভাৰিন্দৰ ৱাধৱা (Mr.Varinder Wadhwa)ই কয়, “দ্বিতীয় বিশ্বযুদ্ধ ইম্ফল কেম্পেইন ফাউণ্ডেচনৰ সৈতে আমাৰ সহযোগিতা বিশ্বযুদ্ধৰ নায়কসকলৰ প্ৰচেষ্টাক স্বীকাৰ কৰিবলৈ আৰু তেওঁলোকৰ সাহসিকতাৰ বাবে তেওঁলোকক স্মৰণ কৰাৰ এক পদক্ষেপ।” ফাউণ্ডেচনে মণিপুৰ চৰকাৰক “ভাৰতীয় শান্তি স্মাৰক” পৰিচালনা কৰিবলৈ সমৰ্থন কৰি আহিছে।