উজনি অসমৰ তিনিচুকীয়া জিলাৰ ফিল’বাৰী অঞ্চলত পোহৰলৈ আহিছে গোপনে মানৱ সৰবৰাহ চলি থকাৰ এক চাঞ্চল্যকৰ তথ্য। চাহ শ্ৰমিক পৰিয়ালৰ এগৰাকী প্ৰায় আঠ বছৰীয়া কিশোৰীক ৰাজ্যৰ বাহিৰত ডেৰ লাখ টকাত বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। এই গোচৰটোৱে আৰ্থিকভাৱে দুৰ্বল চাহ বাগিচাৰ শ্ৰমিকৰ নাবালক-নাবালিকাক লক্ষ্য কৰি এটা চক্ৰই মানৱ সৰবৰাহৰ নেটৱৰ্ক চলাই থকাৰ ঘটনাক উন্মোচন কৰিছে।
আদিবাসী ছাত্ৰ সন্থাৰ স্থানীয় সদস্যই প্ৰদান কৰা তথ্যৰ ভিত্তিত গাঁওবাসীয়ে যোৱা ৪ নৱেম্বৰত কিশোৰীকেইগৰাকীক নিবলৈ অহা এখন ৱেগনআৰ বাহন ঘেৰাও কৰে। ডুমডুমা তপোবানৰ দিপক ফুকন নামৰ চালকজনক আটক কৰি পেঙেৰী আৰক্ষীক গতাই দিয়ে স্থানীয় লোকে।
