ফিল’বাৰীত নিশা প্ৰচণ্ড বতাহ-ধুমুহাৰ তাণ্ডৱ

7

তিনিচুকীয়া জিলাৰ ফিল’বাৰীত নিশা প্ৰচণ্ড বতাহ-ধুমুহাৰ তাণ্ডৱ ।
নিশা অহা বিধ্বংসী ধুমুহাই ফিল’বাৰী অঞ্চলৰ কেইবাখনো গাঁৱত বিস্তৰ ক্ষতিসাধন কৰে ।নিশা অহা প্ৰচণ্ড বতাহ-ধুমুহাই তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তৰ বিস্তৰ ক্ষতিসাধন কৰে । জিলাখনৰ ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত গাভৰুভেটি আৰু ফিল’বাৰী অঞ্চলৰ গৌৰীপুৰ, ৰংপুৰ, মগমবস্তি আদি গাঁৱত গছ-গছনি, তামোল গছ, বিদ্যুতৰ খুটা ভাঙি তহিলং কৰে । কেইবাটাও বাসগৃহৰ ওপৰতেই বাগৰি পৰে তামোল গছৰ লগতে প্ৰকাণ্ড-প্ৰকাণ্ড গছৰ ডাল । আনকি, কেইবাটাও বাসগৃহৰ টিনপাত ধুমুহাই উৰুৱাই নিয়ে । অন্যহাতে বিভিন্ন স্থানত বিদ্যুত পৰিবাহিত তাৰ সংযোগ কৰা পকী খুটা ভাঙি পৰাত ব্যাহত হৈ পৰিছে বিদ্যুত সেৱা । সমগ্ৰ অঞ্চলতেই বিদ্যুত সেৱা বন্ধ হৈ পৰিছে । জিলাখনৰ ডুমডুমাৰ আজাদ ৰোড, কলীয়াপানী, বিছাকুপি আদি ঠাইতো নিশা অহা ধুমুহা-বতাহে তাণ্ডৱ চলাই ।