টাইড ইণ্ডিয়াই আৰম্ভ কৰিলে অসমৰ এছএমইৰ বাবে চালান

44

টাইড ইণ্ডিয়াই অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে নিজৰ চালান সমাধান আগবঢ়াইছে যাতে নিয়ন্ত্ৰক অনুপালন শক্তিশালী কৰা, চালান প্ৰক্ৰিয়া অনুকূলিত কৰা, ব্যয় হ্ৰাস কৰা আৰু সাংগঠনিক দক্ষতা বৃদ্ধি কৰিব পাৰে। পৰম্পৰাগত চালান ক্ষুদ্ৰ উদ্যোগৰ বাবে জটিল। টাইডৰ তথ্য অনুসৰি অসমৰ ৫০ শতাংশ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে বহী ৰখা(বুককিপিং) আৰু চালান, প্ৰযুক্তি গ্ৰহণ, হিচাপ-নিকাচ ব্যৱস্থা উন্নীতকৰণক প্ৰত্যাহ্বান বুলি বিবেচনা কৰে।

টাইডৰ ইনভইচ চল্যুচনে অঞ্চলটোৰ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকলক মোবাইল এপৰ জৰিয়তে পোনপটীয়াকৈ গ্ৰাহকসকললৈ ব্যক্তিগতকৃত আৰু জিএছটি অনুকূল চালান প্ৰেৰণ কৰাত সহায় কৰিব। এই এপটোৱে বিলম্ব, মানৱীয় ত্ৰুটি দূৰ কৰা, নগদ প্ৰবাহ উন্নত কৰা, একাউণ্টিং সুশৃংখল কৰা, ইনভেণ্টৰী ব্যৱস্থাপনা উন্নত কৰা আৰু কৰৰ বাবে ৰেকৰ্ড ৰখা সৰল কৰাত সহায় কৰিব। ২০২২ চনৰ ডিচেম্বৰ মাহত টাইডৰ আৰম্ভণিৰ পৰা ১ লাখৰো অধিক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে যোগদান কৰিছে। অসমত ৬৭% ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ হৈছে বিপণন প্ৰতিষ্ঠান, কৃষি ব্যৱসায়, গেলামালৰ বিপণী আৰু বিত্তীয় সেৱা প্ৰদানকাৰী। বছৰটোৰ ভিতৰত টাইডে ভাৰতত থকা সদস্য (এছএমই)ৰ বাবে নিজৰ প্ৰস্তাৱ আৰু বৈচিত্ৰ্যময় কৰি তুলিব আৰু অন্যান্য ফিনটেকৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে কিউআৰ ক’ডভিত্তিক পেমেণ্ট আৰু ক্ৰেডিটৰ দৰে সমাধানসমূহ প্ৰদান কৰিব।

এই বিষয়ে টাইড ইণ্ডিয়াৰ চিইঅ’ গুৰজোধপাল সিঙে কয় যে, “আমাৰ ইনভইচিং চল্যুচনে আমাক এই দিশত আৰু এখোজ আগুৱাই লৈ যায় আৰু আমাক ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰাৰ অনুমতি দিয়ে। যাৰ ফলত পৃথক সেৱা পৰিচালনাৰ বাবে একাধিক সামগ্ৰী ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তা নোহোৱা হয়।”