এই ছিজনত ভি মুভিজ আৰু টিভি এপৰ সৈতে উপভোগ কৰক সকলো খেলৰ মাদকতা

578

ভাৰতত ৬৭৮ মিলিয়ন খেল ভাল পোৱা দৰ্শক আছে, ক্ৰিকেট আৰু ফুটবল ক্ৰমে ৬১২ মিলিয়ন আৰু ৩০৫ মিলিয়ন দৰ্শকে উপভোগ কৰে, শেহতীয়াকৈ অৰ্মেক্স মিডিয়াৰ এক প্ৰতিবেদনত উল্লেখ কৰিছে এই কথা। এইসকল দৰ্শকৰ ডিজিটেল দৰ্শন অভিজ্ঞতাৰ প্ৰতি ক্ৰমাৎ বৃদ্ধি পোৱা পছন্দৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ আগশাৰীৰ টেলিকম অপাৰেটৰ ভিয়ে গ্ৰাহকসকলৰ বাবে ক্ৰীড়া বিষয়বস্তু(কণ্টেণ্ট) বিচাৰি উলিওৱা আৰু দৰ্শন কৰাটো সহজ কৰি তুলিছে।

ভিৰ ব্যৱহাৰকাৰীসকলে এতিয়া ভি মুভিজ এণ্ড টিভি এপত ছিংগল চাবস্ক্ৰিপচন প্লেনতে ডিজনী+ হটষ্টাৰ, উৱেফা, ইউৰো ২০২৪ আৰু কোপা আমেৰিকা কাপ ফুটবল মহাৰণ আৰু বিশ্বৰ সৰ্ববৃহৎ টি-২০ ক্ৰিকেট প্ৰতিযোগিতা চাব পাৰিব, এই একত্ৰিত টিভিৰ জৰিয়তে এই ইভেণ্টসমূহ ষ্ট্ৰীমিং কৰি দৰ্শন অভিজ্ঞতা বৃদ্ধি কৰিব। ভিয়ে ক্ৰিকেট আৰু ফুটবল অনুৰাগীৰ বাবে এক্সক্লুছিভ কেইবাটাও চাবস্ক্ৰিপচন মুকলি কৰিছে, যাৰ ফলত ডিজনী+ হটষ্টাৰ আৰু চনী লিভৰ প্ৰৱেশ বা ব্যৱহাৰ সহজ হৈ পৰিছে। মাত্ৰ ১৬৯ টকাৰ বিনিময়ত এতিয়া ব্যৱহাৰকাৰীসকলে ৩০ দিনৰ বাবে ৩  মাহৰ চাবস্ক্ৰিপচন আৰু ৮জিবি ডাটা উপভোগ কৰিব পাৰিব।

ভিৰ পোষ্ট-পেইডে এতিয়া ক্ৰিকেট আৰু ফুটবল অনুৰাগীৰ বাবে আগবঢ়াইছে দুটা ডাটা এড-অন পেক। এতিয়া ৪৯৯ টকাত ব্যৱহাৰকাৰীয়ে ১ বছৰৰ বাবে ডিজনী+ হটষ্টাৰ মোবাইল চাবস্ক্ৰিপচন আৰু ২০জিবি ডাটা উপভোগ কৰিব পাৰিব। প্ৰতিমাহে ১০০ টকাৰ বিনিময়ত ব্যৱহাৰকাৰীয়ে টিভি/মোবাইল ফোনযোগে উৱেফা ইউৰো ২০২৪ৰ খেলসমূহ পোনপটীয়াকৈ উপভোগ কৰিব পাৰিব।