উত্তৰ অসম প্ৰান্তৰ দ্বাৰা আয়োজিত বিনায়ক কানেটকাৰ তৃতীয় স্মাৰক বক্তৃতাটো গুৱাহাটীৰ সুদৰ্শনালয়ত অনুষ্ঠিত হয়৷ উত্তৰ অসম প্ৰান্তৰ শিক্ষণ মণ্ডলৰ সভাপতি ডঃ নীলমোহন ৰায়ৰ পৌৰোহিত্যত অনুষ্ঠিত সভাৰ আৰম্ভণিতে নীলাচল বেদ বিদ্যাপীঠৰ বিদ্যাৰ্থীসকলে পৰিবেশন কৰে বেদস্তোত্ৰ, সৰস্বতী বন্দনা আৰু দীপমন্ত্ৰ। ৷
বন্তি প্ৰজ্জ্বলন কৰে বিনায়কজীৰ ভাতিজী সুস্মিতাই, ধ্যেয়মন্ত্ৰ আৰু ধ্যেয়বাক্য পাঠ কৰে ক্ৰমে ডঃ পিংকু আৰু দুৰ্লভ চন্দ্ৰ পালে৷ উদ্দেশ্য ব্যখ্যা কৰে প্ৰান্তীয় সম্পাদক দীপক কুমাৰ শৰ্মাই৷ বিনায়কজীৰ স্মৃতিচাৰণ কৰে অসম প্ৰান্তৰ সংঘচালক ডাঃ ভূপেশ কুমাৰ শৰ্মাই আৰু মূল বক্তৃতা প্ৰদান কৰে ভাৰতীয় শিক্ষণ মণ্ডলৰ প্ৰাক্তন সংগঠন মন্ত্ৰী , বিশিষ্ট লেখক মুকুল কানিটকৰে ৷
অনুষ্ঠানত ডঃ নীলমোহন ৰায়ৰ দ্বাৰা লিখিত আৰু ডঃ কামেশ্বৰ শুক্লা অনূদিত গৱেষণাধৰ্মী গ্ৰন্থ ‘মুছলমানৰ ভাৰত আক্ৰমণ :হিন্দুসকলৰ প্ৰতিৰোধ’ উন্মোচন কৰা হয় ৷’পঞ্চ পৰিবৰ্তনেই হিন্দুত্বৰ যথাৰ্থ অভিব্যক্তি’ —এই শীৰ্ষক মূল বক্তৃতাৰ আগতেই এটি দেশাত্মবোধক গীত সমবেতভাৱে পৰিবেশন কৰে নাৰায়ণী ৰায়, বেলা ধৰ , অনুৰাধা পাত্ৰ আৰু স্বৰ্ণালি চৌধুৰীয়ে৷ তবলাত সহযোগ কৰে মঞ্জিল ৰায়ে৷ শেষত কল্যাণ মন্ত্ৰ আৰু বন্দেমাতৰম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে ৷
