জি২০ আন্তৰ্জাতিক বিত্তীয় স্থাপত্য কৰ্মী গোটৰ তৃতীয় বৈঠক

962

ভাৰতৰ জি-২০ অধ্যক্ষতাত ৬ জুনত গোৱাত তৃতীয় আন্তঃৰাষ্ট্ৰীয় বিত্তীয় স্থাপত্য কৰ্মীগোটৰ বৈঠক আৰম্ভ হৈছে। এই বৈঠকৰ আঁত ধৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়, ভাৰতীয় ৰিজাৰ্ভ বেংক, ফ্ৰান্স, আৰু কোৰিয়া গণৰাজ্যই, যি হৈছে IFAWGৰ সহ-অধ্যক্ষ। দুদিনীয়া বৈঠকত স্থিতিস্থাপক হৈ থকা বিশ্ব অৰ্থনীতিত সহযোগিতা আৰু বিশ্বজুৰি বিত্তীয় সুৰক্ষা জাল শক্তিশালী কৰা আদি বিষয়ৰ ওপৰত আলোচনা কৰা হয়। এই বৈঠকত জি-২০ৰ সদস্য, আমন্ত্ৰিত দেশ আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰায় ১০০গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে এই বৰ্ষৰ ৩০-৩১ জানুৱাৰীত চণ্ডীগড়ত আইএফএডব্লিউজিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হোৱাৰ বিপৰীতে ৩০-৩১ মাৰ্চত পেৰিছত অনুষ্ঠিত হৈছিল দ্বিতীয়খন বৈঠক ।

বৈঠকৰ প্ৰথম দিনটো “এক সুশৃংখল সেউজ পৰিৱৰ্তনৰ দিশত – বিনিয়োগৰ প্ৰয়োজনীয়তা আৰু মূলধন প্ৰবাহৰ বিপদাশংকা ব্যৱস্থাপনা” সম্পৰ্কে এক উচ্চ-পৰ্যায়ৰ আলোচনাচক্ৰ অনুষ্ঠিত হৈছিল। ইয়াৰ জৰিয়তে ক্ৰমবৰ্ধমান আৰু সেউজ মূলধন প্ৰবাহৰ ওপৰত এক গভীৰ আলোচনা অনুষ্ঠিত হয়। এই বৈঠকত ৩খন পৃথক অধিৱেশন অনুষ্ঠিত কৰা হৈছিল, য’ত অধিক সুস্থিৰ আৰু স্থিতিস্থাপক গোলকীয় অৰ্থনীতিৰ দিশত সহযোগিতামূলক তথা বিশ্বব্যাপী বিত্তীয় সুৰক্ষা জাল শক্তিশালী কৰা, বিশ্বব্যাপী ঋণৰ দুৰ্বলতা সমাধান কৰা, একবিংশ শতিকাৰ উমৈহতীয়া বিশ্বজুৰি সৃষ্টি হোৱা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ বহুপাক্ষিক উন্নয়ন বেংক (এমডিবি) শক্তিশালী কৰা আৰু কেন্দ্ৰীয় বেংকৰ বৃহত্তৰ বিত্তীয় প্ৰভাৱ মূল্যাংকনৰ দৰে বহনক্ষম মূলধনী প্ৰবাহৰ জৰিয়তে বিত্তীয় স্থিতিস্থাপকতা শক্তিশালী কৰা আৰু ডিজিটেল মুদ্ৰাৰ দৰে বিষয়সমূহ আলোচনা কৰা হৈছিল। এই বৈঠকৰ আঁত ধৰি সমগ্ৰ গোৱাত কেইবাটাও ‘জন ভাগীদাৰী’ কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। ইয়াৰ ভিতৰত আছে বিত্তীয় সাক্ষৰতা শিবিৰ আৰু সজাগতা অভিযান, মুদ্ৰা মেলা, ৱাকাথন, পৰিষ্কাৰ-পৰিচ্ছন্নতা অভিযান আৰু এক কুইজ প্ৰতিযোগিতা ইত্যাদি।

উল্লেখ্য যে, আন্তঃৰাষ্ট্ৰীয় বিত্তীয় স্থাপত্যৰ সংস্কাৰ সাধন কৰি আগুৱাই নিয়াৰ লগতে একবিংশ শতিকাৰ বিশ্বব্যাপী দেখা দিয়া প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ বাবে জি-২০ৰ বাবে তৃতীয়খন আইএফএডব্লিউজি বৈঠক অন্যতম গুৰুত্বপূৰ্ণ সুযোগ। মন কৰিব লগীয়া যে, ইয়াৰ পূৰ্বে ৩০-৩১ জানুৱাৰীত চণ্ডীগড়ত আইএফএডব্লিউজিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল। ইয়াৰ লগতে দ্বিতীয়খন বৈঠক ৩০-৩১ মাৰ্চত পেৰিছত অনুষ্ঠিত হৈছিল।