ক্ষুদ্ৰকটৰা প্ৰাথমিক বিদ্যালয়ত পাঠদান বন্ধৰ সুযোগ লৈ চুৰি কাণ্ড

76

নলবাৰী জিলাৰ প্ৰাথমিক শিক্ষাৰ প্ৰতিষ্ঠান ক্ষুদ্ৰকটৰা প্ৰাথমিক বিদ্যালয়ত সংঘটিত হৈছে চুৰি কাণ্ড। কোভিড পৰিস্থিতিৰ বাবে বিদ্যালয় বন্ধ থকাৰ সুযোগ লৈ কোনো দুৰ্বৃত্তই চুৰি কৰি লৈ যায় বিদ্যালয়খনৰ দুখনকৈ চিলিং ফেন আৰু পানীৰ টেপ।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক

উল্লেখ্য যে, বুধবাৰে মধ্যাহ্ন ভোজনৰ বাবে অহা খাদ্য ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণৰ বাবে বিদ্যালয়ত উপস্থিত হৈ প্ৰধানশিক্ষক আৰু স্থানীয় ৰাইজে এই চুৰিকাণ্ড প্ৰত্যক্ষ কৰে। বিদ্যালয়খনৰ এখন খিড়িকী ভাগি এই চুৰিকাণ্ড সংঘটিত কৰাৰ সন্দেহ কৰা হৈছে। এই চুৰি কাণ্ডক লৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এখন শৈক্ষিক প্ৰতিষ্ঠানত কৰা এনে চুৰিৰ ঘটনাক লৈ ক্ষোভ ব্যক্ত কৰিছে সচেতন মহলে।

স্থানীয় লোক