ৰেলৰ লাইন চুৰি কৰি গ্ৰেপ্তাৰ এজন

253

 লামডিং আৰ পি এফৰ বিশেষ সাফল্যতা ৷ শুক্ৰবাৰে নিশা লামডিং আৰ পি এফৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ নেতৃত্বত এটা দলে গোপন সুত্ৰৰ পম খেদি পাথৰখোলাৰ ৰেলৱে ষ্টেচনৰ পৰা ২ কিলোমিটাৰ দূৰত্বত ৰেলৰ লাইন কঢ়িয়াই লৈ যোৱাৰ সময়তে চাৰিচকীয়া বাহন সহ এজনক আটক কৰিবলৈ সক্ষম হয় ৷

এ এছ ০৯ চি ৩৬৪৮ নম্বৰ বাহনখনত লোহাসহ মুনু কোচ নামৰ এজন ব্যক্তিক আটক কৰে যদিও কেইবাজনো আৰক্ষী অহাৰ উমান পাই পলাই যাবলৈ সক্ষম হয় ৷ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিব দিয়া মতে বহু দিনৰ পৰাই পাথৰখোলা ৰেলৱে ষ্টেচনৰ পৰা এটা দুষ্ট চক্ৰই ৰেলৰ লাইনৰ লোহা চুৰি কৰি আহিছিল ৷

আৰ পি এফৰ অভিযানত এজন ব্যক্তিক ১(৭)২১ ইউ এছ ৩(ও) আৰ পি (ইউ পি) এক্টৰ অধীনত আটক কৰিছে যদিও বাকী কেইজনক বিচাৰি তদন্ত অব্যহত ৰাখিছে ৷ ইয়াৰ পূ্ৰ্বেও লামডিঙত ৰেলৱে বিভাগৰ ৰেল লাইনৰ লোহাৰ, এফ চি আইৰ চাউলকে ধৰি বিভিন্ন ধৰনৰ চুৰিকাণ্ড সংঘটিত হৈ আহিছে ৷ আৰক্ষীৰ তদন্তৰ ‌পিছতহে পোহৰলৈ আহিব এই চোৰাং কাৰবাৰৰ লগত কোন কোন জড়িত আছে।