অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সন্দেহজনক মৃত্যুৰ উপযুক্ত তদন্ত বিচাৰি এক ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰা হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ত। অভিজিৎ শৰ্মা আৰু পলাশ ৰঞ্জন বৰুৱাই দাখিল কৰা আবেদনত এই গোচৰৰ সৈতে জড়িত কথিত অনিয়ম, সম্ভাৱ্য অপৰাধমূলক ষড়যন্ত্ৰ, চৰকাৰী পদৰ অপব্যৱহাৰ আদিৰ ওপৰত আলোকপাত কৰা হৈছে।অভিযোগসমূহে জুবিন গাৰ্গৰ মৃত্যুক লৈ সম্ভাৱ্য পূৰ্ব পৰিকল্পিত আৰু সমন্বিত ষড়যন্ত্ৰৰ কথা প্ৰকাশ কৰিছে, য’ত প্ৰমাণ ধ্বংস কৰা, ন্যায়ত বাধা দিয়া, কৰ্তৃপক্ষক বিপথে পৰিচালিত কৰাৰ লগতে জনসাধাৰণৰ ধাৰণাৰ সৈতে হেতালি খেলাৰ ইচ্ছাকৃত প্ৰচেষ্টা আদিও আছে। সিদ্ধাৰ্থ শৰ্মা, শ্যাম কানু মহন্ত আৰু জড়িত আন ব্যক্তিসকলৰ সমন্বিত কাৰ্যক শিল্পীগৰাকীৰ মৃত্যুৰ প্ৰকৃত পৰিস্থিতি লুকুৱাই ৰখাৰ পদ্ধতিগত প্ৰচেষ্টাৰ প্ৰমাণ হিচাপে উল্লেখ কৰা হৈছে।
