মানৱ শৰীৰৰ গঠন আৰু কাৰ্যপদ্ধতিৰ ক্ষেত্ৰত বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা এটা ডাঙৰ অগ্ৰগতি ঘটিছে। নেদাৰলেণ্ডছ ক্যান্সাৰ ইনষ্টিটিউটৰ গৱেষকসকলে মানুহৰ গলাৰ ভিতৰত লুকাই থকা এটা নতুন ধৰণৰ লালাগ্ৰন্থি আৱিষ্কাৰ কৰিছে, যাৰ বিষয়ে আগতে কেতিয়াও জনা হোৱা নাছিল। এই নতুন অংগটোৰ নাম দিয়া হৈছে – ‘টিউবেৰিয়েল সেলাইভেৰী গ্লেণ্ড’।
এই গৱেষণাৰ সময়ত বিজ্ঞানীসকলে মূলতঃ প্ৰ’ষ্টেট ক্যান্সাৰৰ ওপৰত কাম কৰি আছিল। গৱেষণাৰ মাজতেই হঠাতে এই নতুন আৰু অজ্ঞাত গ্লেণ্ডটোৰ সন্ধান পোৱা যায়। পৰীক্ষাত দেখা গৈছে যে, এই গ্লেণ্ডবোৰ নাসোফাৰিংক্স অঞ্চলত অৱস্থিত — যি নাকৰ পাছফাল আৰু গলাৰ ওপৰৰ অংশক ঘিৰি আছে।
এই গ্লেণ্ডটোৰ অস্তিত্ব অন্তত ১০০ জন ৰোগীৰ শৰীৰত পৰীক্ষা চলাই নিশ্চিত কৰা হৈছে। চিকিৎসা বিশেষজ্ঞসকলে এই আৱিষ্কাৰক বিশেষকৈ ক্যান্সাৰৰ ৰেডিয়েচন থেৰাপীৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ সন্ধান বুলি অভিহিত কৰিছে।
সাধাৰণতে, ৰেডিয়েচন থেৰাপী চলোৱাৰ সময়ত মুখ আৰু গলাৰ মুখ্য লালাগ্ৰন্থিসমূহক সুৰক্ষিত ৰখা হয়, যাতে ৰোগীৰ মুখ সুকাই নাযায় আৰু খাবলৈ বা কথা ক’বলৈ অসুবিধা নোহোৱাকৈ থাকে। কিন্তু এই গোপন গ্লেণ্ডটোৰ বিষয়ে জানিব নোৱাৰাৰ ফলত, এতিয়ালৈকে এই অংগবোৰ ৰেডিয়েচনৰ ক্ষতিৰ সন্মুখীন হ’ব লগা হৈছিল, আৰু বহু ৰোগীয়ে তাৰ ফলস্বৰূপে বিভিন্ন পাৰ্শ্ব-প্ৰতিক্ৰিয়াৰ ভোগ কৰিবলগা হৈছিল।
এই নতুন গ্লেণ্ডটোৰ বিষয়ে অধিক সচেতনতা বৃদ্ধি হ’লে, চিকিৎসকে ৰেডিয়েচন থেৰাপীৰ পৰিকল্পনাত এই অংশটো সুৰক্ষিত ৰখাৰ বাবে ব্যৱস্থা ল’ব পাৰে। ফলত ৰোগীৰ দেহত হোৱা বিপৰীত প্ৰতিক্ৰিয়া যথেষ্ট পৰিমাণে হ্ৰাস পাব।
এই আৱিষ্কাৰ কেৱল শৰীৰৰ গঠন বা শাৰীৰবৃত্তীয় জ্ঞানৰ ক্ষেত্ৰত নহয়, ক্যান্সাৰৰ চিকিৎসাতো নতুন যুগৰ সূচনা কৰিব পাৰে। বৰ্তমান এই গ্লেণ্ডটোৰ কাৰ্যক্ষমতা আৰু অন্যান্য সম্ভাৱ্য প্ৰভাৱৰ ওপৰত অধিক গভীৰ গৱেষণা চলি আছে।
এই ঘটনাই পুনৰ এটা কথা প্ৰমাণ কৰিলে — মানৱ শৰীৰ সম্পূৰ্ণৰূপে বুজা হোৱা নাই। গৱেষণা যত গভীৰ হয়, ততে ততে উন্মোচিত হৈ আহে নতুন নতুন তথ্য, যি চিকিৎসা বিজ্ঞানক আগলৈ নিয়াৰ পথ প্ৰশস্ত কৰি আছে।
