অসমীয়াৰ হৃদস্পন্দৰস্বৰূপ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক লৈ চলি থকা চৰ্চাৰ মাজতে ছিংগাপুৰ আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ স্পষ্টীকৰণ প্ৰদান কৰিছে। ছিংগাপুৰ আৰক্ষী বাহিনীয়ে শেহতীয়াকৈ সদৰী কৰা মতে বৰ্তমানলৈকে চলোৱা তদন্তত জুবিন গাৰ্গৰ মৃত্যুত কোনো ধৰণৰ অপৰাধমূলক ষড়যন্ত্ৰ বা ‘ফাউল প্লে’ৰ প্ৰমাণ পোৱা হোৱা নাই। বৃহস্পতিবাৰে জাৰি কৰা এক চৰকাৰী বিবৃতিত আৰক্ষীয়ে কয় যে ছিংগাপুৰ ক’ৰোনাৰ্ছ এক্ট, ২০১০ অনুসৰি এই তদন্ত এতিয়াও অব্যাহত আছে।
উল্লেখ্য যে, যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। ভাৰতত গঠন কৰা বিশেষ তদন্তকাৰী দলে শেহতীয়াকৈ গুৱাহাটীৰ আদালতত ১২ হাজাৰ পৃষ্ঠাৰ এখন চাৰ্জশ্বীট দাখিল কৰি মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তা শ্যামকানু মহন্তসহ চাৰিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে। কিন্তু ছিংগাপুৰ আৰক্ষীয়ে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ হাতত এতিয়াও তেনে কোনো তথ্য নাই।
ছিংগাপুৰ আৰক্ষীৰ মতে, তদন্ত সম্পূৰ্ণ হোৱাৰ পিছত সকলো তথ্য ষ্টেট ক’ৰোনাৰক দাখিল কৰা হ’ব। ২০২৬ চনৰ জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত এই সন্দৰ্ভত এক আনুষ্ঠানিক অনুসন্ধান অনুষ্ঠিত হ’ব, য’ত মৃত্যুৰ প্ৰকৃত কাৰণ ৰাজহুৱা কৰা হ’ব। আৰক্ষীয়ে জনসাধাৰণক উৰাবাতৰি নিবিয়াবলৈ আৰু ধৈৰ্য ধৰিবলৈ আহ্বান জনাইছে। বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি ছিংগাপুৰ আৰু ভাৰত দুয়োখন দেশতে তদন্তৰ প্ৰক্ৰিয়া ভিন্ন ধৰণে আগবাঢ়িছে।
