১৩ পৰা ১৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া বহু প্ৰত্যাশিত ‘গ’ট ট্যুৰ ২০২৫’ৰ বাবে কাইলৈ ভাৰতত উপস্থিত হ’ব ফুটবল কিংবদন্তি লিয়নেল মেছি। তিনিদিনীয়া এই অনুষ্ঠানটো দেশৰ চাৰিখন ডাঙৰ চহৰ—কলকাতা, হায়দৰাবাদ, মুম্বাই, আৰু নতুন দিল্লীত অনুষ্ঠিত হ’ব। মিয়ামিৰ পৰা যাত্ৰা কৰা মেছিয়ে ১৩ ডিচেম্বৰৰ নিশা ১:৩০ বজাত কলকাতাত উপস্থিত হোৱাৰ কথা। কলকাতাত তেওঁৰ দিনটো ব্যস্ততাপূৰ্ণ হ’ব।
তেওঁ কেইবাটাও অনুষ্ঠান আৰু পাৰস্পৰিক ক্ৰিয়া-কলাপত অংশগ্ৰহণ কৰিব। দুপৰীয়া ২ বজাত হায়দৰাবাদলৈ ৰাওনা হ’ব। কলকাতা ভ্ৰমণৰ সময়ত মেছিয়ে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো সাক্ষাৎ কৰাৰ কথা। হায়দৰাবাদত মেছিৰ মূল ইভেণ্ট হ’ব। ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰদৰ্শনীমূলক ফুটবল খেল। তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সন্ধিয়া মেছিৰ বিখ্যাত কেৰিয়াৰ উদযাপনৰ বাবে এক গ্ৰেণ্ড মিউজিকেল কনচাৰ্টৰো আয়োজন কৰা হ’ব।
‘গ’ট ট্যুৰ হায়দৰাবাদ’ৰ মুখ্য পৃষ্ঠপোষক তথা উপদেষ্টা পাৰ্বতী ৰেড্ডীয়ে এক বিবৃতিত কয় যে হায়দৰাবাদ লেগৰ হাইলাইট হ’ব যুৱ খেলুৱৈৰ বাবে বিশেষ ফুটবল ক্লিনিক। মূলতঃ ফুটবল ক্লিনিকৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব, যাৰ নেতৃত্ব মেছিয়ে নিজেই কৰিব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ লগতে প্ৰকাশ কৰে যে মেছিৰ ইণ্টাৰ মিয়ামিৰ সতীৰ্থ ৰড্ৰিগো ডি পল আৰু লুইছ ছুৱেৰেজেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
