নগাঁৱৰ বামুনী সামূহিক চিকিৎসালয়ত প্ৰসূতিৰ বাবে বিশেষ কোঠা

193

বামুনী সামূহিক স্বাস্থ্যকেন্দ্ৰত নতুনকৈ সংস্থাপন হ’ল প্ৰসূতিৰ বাবে এক বিশেষ কোঠা। ২০০১ চনতে মুকলি হোৱা চিকিৎসালয়খনত ২০০৯ চনৰ পৰা বহিঃবিভাগৰ চিকিৎসাসেৱা আৰম্ভ হৈছিল যদিও চিকিৎসালয়খনত প্ৰসূতি-মহিলাসকলৰ বাবে নাছিল কোনো বিশেষ সুবিধা। জনসাধাৰণৰ বাবে মুকলি হোৱা চিকিৎসালয়খন এনেদৰে দীৰ্ঘদিন আবদ্ধ থকাৰ পিছত এক পৰিত্যক্ত অৱস্থাত ২০০৯ চনৰ পৰা চিকিৎসা আৰম্ভ হৈছিল যদিও নানা সমস্যাৰ মাজত থকা চিকিৎসালয়খনৰ পৰা স্থানীয় লোকে কোনো সুফল পোৱা নাছিল।

চিকিৎসক, নাৰ্চ থকাৰ সু-ব্যৱস্থা থকাৰ লগতে ৰোগীক চিকিৎসা কৰিব পৰা সকলো সুবিধা থকাৰ পিছতো অৱহেলিত হৈ থকা চিকিৎসালয় খনৰ পৰা বহু সামগ্ৰী চুৰি হোৱাৰ কথাও উল্লেখ কৰে স্থানীয় লোকে। চিকিৎসালয়খনৰ প্ৰসূতিৰ বাবে বিশেষ কোঠাটো  শুভ উদ্বোধন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে। তিনিটাকে উপ-স্বাস্থ্যকেন্দ্ৰ সামৰি থকা চিকিৎসালয়খনত চাৰিজন চিকিৎসক আছে।

বৰ্তমান সময়ত চিকিৎসালয়খনত ২৪ ঘন্টা চিকিৎসা সেৱা উপলব্ধ কৰিবলৈ চিকিৎসালয়খনৰ চৌহদৰ বেৰ, এখন আৰক্ষী চকী,চৌহদত লাইট,এজন শিশু বিশেষজ্ঞ চিকিৎসক,আল্টাচাউণ্ড মেচিন,ই চি জি মেচিন সকলো সময়তে ১০৮ এম্বুলেঞ্চ সেৱা,কৰ্মচাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে চিকিৎসালয়লৈ অহাযোৱা পকী পথ কেইটা আটকধুনীয়াকৈ নিৰ্মাণ কৰিবলৈ স্থানীয় লোকৰ লগতে চিকিৎসালয় কৰ্তৃপক্ষই মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক জিতু গোস্বামীক দাবী জনাইছে।