চেঙাৰ কাছুমাৰা-ম’হচৰাত খহনীয়াত গৃহহীন কেইবাটাও পৰিয়াল

228

কাছুমাৰা আৰু ম’হচৰাত আৰম্ভ হৈছে গৰাখহনীয়াৰ তাণ্ডৱ।জানিব পৰা মতে,সমষ্টিটোৰ দক্ষিণপাৰৰ বিভিন্ন স্থানত চলিছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ জলজলীৰ তাণ্ডৱলীলা।প্ৰৱল গৰাখহনীয়াত উল্লেখিত অঞ্চলত এফালৰ পৰা খহাই নিছে ঘৰ-দুৱাৰ,খেতি পথাৰ তথা অনুষ্ঠান প্ৰতিষ্ঠান সমুহ৷

ব্ৰহ্মপুত্ৰ আৰু জলজলীৰ বুকুত বহু পৰিয়ালৰ সপোনৰ ঘৰ জাহ যোৱাৰ লগতে চকুৰ সন্মুখতে নিমিষতে নিজৰ ঘৰ-দুৱাৰ কৃষিভূমি হেৰুৱাই অসহায় হৈ পৰিছে বহু দুৰ্ভগীয়া পৰিয়াল৷স্থানীয় লোকে ব্যক্ত কৰা মতে,বছৰৰ প্ৰথমটো বানে সৃষ্টি কৰা গৰাখহনীয়াত মাত্ৰ দুদিনতে গৃহহীন হৈছে গাঁওখনৰ প্ৰায় কুৰিটাকৈ পৰিয়াল।ব্ৰহ্মপুত্ৰৰ লগতে জলজলী নদীৰ খহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে আন শতাধিক পৰিয়াললৈ৷

খহনীয়াই ইতিমধ্যে অঞ্চলটোৰ কলহী পাৰ প্ৰাথমিক বিদ্যালয় আৰু এখন অংগণৱাড়ী কেন্দ্ৰ খহাই নিয়াৰ কথা ব্যক্ত কৰিছে স্থানীয় লোকে৷উল্লেখ্য যে,বিগত দুই তিনি বছৰ ধৰি অঞ্চলটোত অব্যাহত থকা গৰাখহনীয়াৰ ফলত ইতিমধ্যে প্ৰায় পাঁচ শতাধিক পৰিয়াল গৃহহীন হোৱাৰ লগতে কেবাটাও চৰকাৰী বেচৰকাৰী অনুষ্ঠান,প্ৰতিষ্ঠান,শিক্ষানুষ্ঠানৰ লগতে শ শ বিঘা কৃষি ভূমি জাহ গৈছে নদীৰ বুকুত৷

ইপিনে সমষ্টিৰ বিধায়ক আশ্ৰাফুল হুছেইনেও খহনীয়া প্ৰতিৰোধৰ বাবে বিশেষ কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় একাংশ লোকে৷আনকি বিধায়ক গৰাকীৰ এনে অকৰ্মণ্যতাৰ বিৰুদ্ধে ক্ষোভ উজাৰে একাংশ ভূক্তভোগী লোকে৷