ব্ৰহ্মপুত্ৰৰ বুকুত নাওঁৰ মাজত হৰ ঘৰ ত্ৰিৰঙ্গা শোভাযাত্ৰা

213

ব্ৰহ্মপুত্ৰৰ বুকুত নাওঁৰ মাজত হৰ ঘৰ ত্ৰিৰঙ্গা শোভাযাত্ৰাত শ-শ মহিলা ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণে এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে। চৰাঞ্চলৰ কৃষক, মেহনতী ৰাইজৰ মাজতো স্বাধীনতাৰ বাণী প্ৰচাৰ কৰি সকলোকে দেশপ্ৰেমত উদ্ধুদ্ধ কৰিবলৈ আয়োজিত অনুষ্ঠানটিৰ উদ্বোধন কৰে মন্দিয়া প্ৰেছ ক্লাৱৰ উপ- সভাপতি নুৰ মহম্মদ আলীয়ে আৰু ফ্লেগ অফ কৰি হৰ ঘৰ ত্ৰিৰঙ্গা শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে বিশিষ্ট সাহিত্যিক, মন্দিয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে।

উক্ত কাৰ্য্যসূচীত পিৰামল ফাউণ্ডেচনৰ মধ্য প্ৰদেশৰ বিশাল চৌধুৰী,উত্তৰ প্ৰদেশৰ ভাগগিয়া ৰঞ্জন সিং ঝাৰখণ্ডৰ শুভম সিং, মন্দিয়া প্ৰেছ ক্লাৱৰ সাংবাদিক চান মাহমুদ, ব্ৰহ্মপুত্ৰ ভেলী চিনিয়ৰ ছেকণ্ডাৰী বিদ্যালয়ৰ শতাধিক ছাত্ৰ-ছাত্ৰী,প্ৰবক্তা পাশান আলী আহমেদ, সাহজাহান আলী,শ্ৰীমন্ত শংকৰ-মাধব চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ প্ৰবক্তা সামেজ আহমেদ, মন্দিয়া উন্নয়ন খণ্ডৰ ব্লক আঁচনি প্ৰবন্ধক মনীষ বৰকাকতি,মহিলা আত্ম সহায়ক গোটৰ সদস্যা সকল সহ প্ৰায় পাঁচ শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।