বামুণীগাওঁৰ “জান” প্ৰকাশনৰ উদ্যোগত গ্ৰন্থ উন্মোচনী সভা আৰু “জান- জীৱন জোৰা সাধনা বঁটা” – ২০২৩ প্ৰদান কবিতা – গীত – মাত – নৃত্যৰ বিচিত্ৰানুস্থান

169

বৌদ্ধিক সমাজৰ অন্তৰংগ আলাপ আৰু পাৰদৰ্শিতা প্ৰদৰ্শন কৰা এক মনোজ্ঞ অনুস্থানেৰে আজি আয়োজন কৰা হয় গ্ৰন্থ উন্মোচনী সভা। কামৰূপ জিলাৰ বকো বামুণী গাওঁৰ পৰা প্ৰকাশিত “জান” আলোচনী খনৰ সম্পাদক ৰঞ্জন কলিতাৰ তৎপৰতাত আয়োজন কৰা হৈছে এক বিশেষ গ্ৰন্থ উন্মোচনী সভা। উল্লেখ্য যে ; বামুণীগাওঁৰ ইম্পেৰিয়েল কলেজৰ বাকৰিত আয়োজন কৰা বৌদ্ধিক তথা কলাত্মক গুণৰ অধিকাৰী সকলোক লৈ আয়োজন কৰা হৈছে বিচিত্ৰানুস্থানৰ। জান প্ৰকাশনৰ সচিব ৰঞ্জন কলিতাই জনোৱা মতে ; প্ৰতি বছৰৰ দৰে এই বৰ্ষও  আজি “জান – জীৱন জোৰা সাধনা বঁটা” – ২০২৩ প্ৰদান কৰা হয়।

জান প্ৰকাশনৰ উদ্যোগত আয়োজন কৰা অনুস্থানৰ কাৰ্য্যসুচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে বিশিষ্ট সাহিত্যিক ; সমালোচক হিতেশ ৰাভাই। বন্তি প্ৰজ্বলন কৰে ইম্পেৰিয়েল কলেজৰ অধ্যক্ষ আজিমুল হকে। ইয়াৰ পিছতে শুভাৰম্ভ কৰে গ্ৰন্থ উন্মোচনী সভা। অনুস্থানত দক্ষিণ কামৰূপৰ বকো – বনগাঁও – ৰ ইতিহাস বিজড়িত থান তথা ঠাই শীৰ্ষক লেখক হিতেশ ৰাভাৰ দ্বাৰা সম্পাদিত গ্ৰন্থ খন উন্মোচন কৰে ধীৰেন্দ্ৰ চন্দ্ৰ ৰাভাই। লগতে বিশিষ্ঠা লেখিকা পদুমী বড়োৰ গ্ৰন্থ  ” দৃঢ় মকৰা ” আৰু কবিতা সংকলন ” গুপ্ত ” আনুস্থানিক ভাৱে উন্মোচন কৰা হয়।

ইফালে দিনৰ ভাগত এই বৰ্ষৰ “জান- জীৱন জোৰা সাধনা বঁটা” – ২০২৩ প্ৰদান কৰে বিশিষ্ট চিত্ৰশিল্পী তথা ভাস্কৰ্য্য শিল্পৰ সাধক ; খেৰপুজি খ্যাত বঙাইগাঁওৰ মহেন্দ্ৰ ৰাভাক ; ভ্ৰাম্যমাণ কিতাপ বিক্ৰেতা তথা পৰিবেশক গোৱালপাৰা ৰংচাইৰ শশী মোহন সন্তোক ; বিশিষ্ট চিত্ৰ তথা ভাস্কৰ্য্য শিল্পী ; বেটুপাতৰ শিল্পী বামুণী গাওঁৰ মঞ্জয় কুমাৰ ৰাজবংশী ; ৰাণী অঞ্চলৰ কবি বন্তিৰাম তালুকদাৰক জান সাহিত্য সাধনা বঁটা প্ৰদান কৰে। ইয়াৰ পিছতে যুৱ শিল্পী উৎপল ৰাভাৰ পৰিচালনাত আয়োজন কৰা হয় ” কবিতাৰ মজলিছৰ বাকৰি” নামেৰে কবিতাৰ অন্তৰংগ অনুষ্ঠান। এই অনুস্থানত বিশিষ্ট কবি সকলোৰ কবিতা পাঠ কৰা হয়। অনুস্থানত জান প্ৰকাশন গোষ্ঠীৰ বিষয় ববীয়া সকলোৰ উপৰিও বহু সংখ্যক বিশিষ্ট কবি – সাহিত্যিক ; শিক্ষাবিদ আৰু সাংস্কৃতিক কৰ্মী উপস্থিত থাকে। অনুস্থানত  ৰাম কৃষাণ ; দুলুমণিকে ধৰি বহু কন্ঠ শিল্পীৰ গীত মাত পৰিবেশন কৰা হয়।