ব্যতিক্ৰমৰ ড° ভূপেন হাজৰিকা আৰু শচীন দেৱ বৰ্মনৰ প্রতিধ্বনি অসম-ত্ৰিপুৰাৰ মিলন

264

দুখন ৰাজ্যৰ মাজত সম্প্ৰীতিৰ এনাজৰীয়ে যেন শিল্পীৰ বন্ধন। শচীন দেৱ বর্মন ৰ ৰাজ্য ত্ৰিপুৰাত উদযাপন কৰা হ’ল অসমৰ গৌৰৱ ড° ভূপেন হাজৰিকাৰ জন্মজয়ন্তী। আগন্তুকৰ অক্টোবৰ মাহত গুৱাহাটীত অনুষ্ঠিত হ’ব শচীন দেৱ বৰ্মনৰ স্মৃতিত উপলক্ষে বিশেষ স্মবনীয় অনুষ্ঠান। আচলতে দুখন ৰাজ্যৰ মধুৰ সম্পৰ্ক বার্তাটো লৈয়ে ব্যতিক্ৰম মাছডোৰ ৩০ জনীয়া এটি প্রতিনিধি দ’ল গৈছিল ত্ৰিপুৰালৈ। ব্যতিক্রম মাছডোৰ লগত এই ব্যতিক্রমী অনুষ্ঠানৰ সহযোগ কৰে ত্ৰিপুৰা চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগ আৰু নিউজ বেংগল ৩৬৫। এই অনুষ্ঠানেই কেৱল মত বা ভাষাৰ বিনিময় নহয় দুটা সাংস্কৃতিৰ মাজত সমন্বয় সেতু গঢ়াই আছিল এই যাত্রাত ব্যতিক্ৰমৰ প্রধান উদ্দেশ্য।
ভূপেন দাই কোৱা দৰে “We are in the same boat brother” এই শব্দৰ মিলনত পৰিণত হ’ল আগৰতলাৰ টাউন হ’ল ৭ চেপ্তেম্বৰত ভূপেন দাৰ জন্মজয়ন্তী সেই সন্ধিয়াতি।
অনুষ্ঠান শুভাৰম্ভনি ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে” গীতটিৰে। তাৰ পাছতে বন্তি প্রজ্জ্বলন আৰু সুধা কণ্ঠ গৰাকীক একাজ্বলি শ্রদ্ধাঞ্জলি জনাই উদ্বোধনী অনুষ্ঠানত ত্ৰিপুৰাৰ প্রখ্যাত ব্যক্তিসকলৰ মাজত উপস্থিত থাকে পর্যটন মন্ত্রী সুশান্ত চৌধুৰী, মেয়ৰ তথা বিধায়ক দীপক মজুমদাৰ, আই এ এছ প্রদীপ কুমাৰ চক্ৰৱৰ্তী, লেখক শঙ্খশুভ্র দেববর্মন, সাংবাদিক সম্পাদক প্রণব চৰকাৰ, এডভোকেট বাতনেশ কুমাৰ ৰায়, টেকনো বিশ্ববিদ্যালয়ৰ ভাইচ চান্সেলৰ প্ৰফেচৰ ৰতন কুমাৰ সাহা, জহৰ বেনাৰ্জী, ৰবীন্দ্ৰ ভৰালী, বৰাক উপত্যকাৰ ভাস্কৰ দাস, কলিকতাৰ লেখক অশোক চক্রবর্তী, সাংবাদিক তৰুণ চক্রবর্তী, সমাজ সেৱক জয়দীপ সান্যাল প্রমুখ।
বস্তি প্রজ্জ্বলনৰ পাছতে সুধা কণ্ঠ গৰাকীৰ ভাতৃ সমৰ হাজৰিকা শব্দৰে প্ৰেক্ষাগৃহটোত এটা আলোড়নৰ সৃষ্টি কৰে। তেওঁ ভূপেন হাজৰিকাৰ ত্ৰিপুৰাৰ সৈতে থকা সু-সম্পর্ক কথা ব্যক্ত কৰাৰ লগতে গোটেই পৰিবেশটো নস্টালজিক কৰি তুলে। বহু সময়ত দর্শক সকলে জনায় ৭ ছেপ্টেম্বৰ সন্ধ্যায়াৰ অনুষ্ঠানটিয়ে ভূপেনদা উপস্থিত অনুভৱ কৰাইছিল।
প্রখ্যাত সংগীত শিল্পী তিথি দেৱবৰ্মনৰ হাতত তুলি দিয়ে ড° ভূপেন হাজৰিকাৰ সোঁৱৰণত ‘ড’ ভূপেন হাজৰিকা ব্যতিক্রম আন্তর্জাতিক সম্মান ২০২৪’ বঁটা। শিল্পী গৰাকীয়ে বঁটা গ্রহণ কৰি আবেগিক হৈ ভূপেন হাজৰিকাৰ লগত কটোৱা সময়ৰ কথা তুলি ধৰে। লগতে ব্যতিক্রম সংস্থাক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু ব্যতিক্রমে তেওঁক এনে এটা সন্মানেৰে সন্মানিত কৰাটো তেওঁৰ বাবে এই সময়ৰ অসীম সুখী কাৰণ বুলি মঞ্চত জনায়। সংগীত শিল্পী তিথি দেৱবৰ্মনে তেওঁৰ উদাপ্ত কণ্ঠৰে “বিমূর্ত মোৰ নিশাতি যে মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ” বাংলা সংস্কৰণ পৰিবেশন কৰে। তেওঁৰ প্রতিটো শব্দেৰে এখন চিত্র দর্শকৰ চকুত তুলি ধৰিছে।
বঁটা প্ৰদানৰ পিছত টানিছা দত্ত-ৰ “বিস্তীর্ণ দুপারের অসংখ্য মানুষের হাহাকার” নৃত্যৰে পুনৰ বৰ্ণাঢ্য অনুষ্ঠান আৰম্ভণি হয়। ড° মৌচুমী চহৰিয়াৰ কণ্ঠত “মোৰ গান হওঁক বহু আস্থাহীনতাৰ বিপৰীতে”, সুঠাকণ্ঠ গৰাকীৰ ভতিজা ডাৱৰ হাজৰিকাক কণ্ঠত শুনিবলৈ পোৱা গ’ল “বিস্তীর্ণ পাৰৰে অসংখ্য জনৰে”, সংস্কৃতা মালাকৰে পৰিবেশন কৰে “মই বিচাৰিছো হেজাৰ চকুত দীপ্ত সূর্য শিখা”, লগতে জয়তি ভাট্টাচার্য, প্রণিতা তালুকদাৰ পৰিৱেশন কৰে বহু কেইটা সুৰিয়া গীতত। নৃত্য পৰিবেশন কৰে মৈত্রী সংসদ, ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্রী বৃন্দ।
অনুষ্ঠান আয়োজন কৰি ব্যতিক্রম সভাপতি ড° সৌমেন ভাৰতীয়াই কয়, “সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আৰু শচীন দেববর্মনক শ্রদ্ধাঞ্জলি জনাই আমি চুবুৰীয়া ৰাজ্য দুখনৰ মাজত সাংস্কৃতিক যোগাযোগ আৰু অধিক সম্প্ৰসাৰণ কৰিব বিচাৰিছো। আজিৰ এই অনুষ্ঠানৰ পৰিবেশ দেখি আমি সকলো বুজিব পাৰিছো আমাৰ অনুষ্ঠানত সফল হ’ল। এনে অনুষ্ঠানে কেৱল ড° ভূপেন হাজৰিকা বা শচীন দেব বর্মন অৱদানক সন্মান জনোৱাই নহয়, দুয়োখন ৰাজ্যৰ মাজত গভীৰ সাংস্কৃতিক আদান-প্রদানৰ প্ৰতীক।”
অনুষ্ঠানত উপস্থিত থাকি নিউজ বেংগল ৩৬৫-ব স্বত্বাধিকাৰ জয়দীপ সান্যাল জনায় যে, ” ড° ভূপেন হাজৰিকা আচলতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নহয়, তেওঁ ভাৰতৰও নহয় তেওঁ আচলতে যাযাবৰ। তেওঁ নিপীড়িত, নির্যাতিত, শোষিত, বঞ্চিত মানুহৰ বাবে সকলোকে অনুভূতিশীল কৰি গঢ়ি তুলিছে। তেওঁৰ সংগীতৰ জৰিয়তে মানৱতাৰ গীত গাইছে, তেনে এজন মহান মণিষীক ব্যতিক্ৰমৰ এই অনুষ্ঠানত স্মৰণ কৰি আমি নিজকে ধন্য অনুভৱ কৰোঁ।”