ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে আনিছে পৰিবৰ্তনৰ ধাৰাঃ ৰমা বৰ্মন

28

সৰ্থেবাৰীৰ পশ্চিম প্ৰান্তত থকা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহত পুৱাৰে পৰা বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহত পুৱা মাঙ্গলিক কাৰ্যসূচী সমাপন কৰাৰ লগতে ভকতসকলৰ দ্বাৰা নাম-প্ৰসঙ্গ কৰা হয়। দুপৰীয়া ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ শিল্পী- কলা-কুশলীৰ অন্তৰঙ্গ আলাপ অনুষ্ঠিত কৰা হয়।সন্ধিয়া ছয় বজাত শুভ লগ্ন অনুসৰি ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ আখৰাগৃহ আৰু স্থায়ী মঞ্চ ফিটা কাটি মুকলি কৰে যশস্বী নাট্যকাৰ তথা পৰিচালক ৰমা বৰ্মনে।

ভাষণ প্ৰসংগত ৰমা বৰ্মনে কয় যে- অসমৰ চৰ্চাৰ শীৰ্ষত থকা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে যাত্ৰা জগতত এক পৰিবৰ্তনৰ ধাৰা আৰম্ভ কৰিছে। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ পৰিকল্পনা অন্য নাট্যদলতকৈ পৃথক বুলি কোৱাৰ লগতে গুণগত আৰু ৰুচিশীলতাক ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে গুৰুত্ব প্ৰদান কৰি আহিছে বুলিও মন্তব্য প্ৰকাশ কৰে । ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে প্ৰতিবছৰে দৰ্শকক সন্তষ্টি দিব পাৰিছে বুলিও ৰমা বৰ্মনে মন্তব্য প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ উত্তৰ প্ৰান্তৰ প্ৰান্তীয় প্ৰচাৰ প্ৰমুখ তথা জ্যেষ্ঠ সাংবাদিক কিশোৰ শিৱমে বন্তি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰে। ভাষণ প্ৰসংগত কিশোৰ শিৱমে কয় যে – ৰাইজক সন্তুষ্টি প্ৰদান কৰি সুপৰিকল্পিতভাবে বিগত ছয় বছৰে নাট প্ৰদৰ্শন কৰি অহা ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে ভ্ৰাম্যমাণ জগতত এক নতুন দিশৰ সূচনা কৰিছে।

এই সময়ত এটি নাট্যদল সাৱলীলভাবে আগবঢ়াই নিয়াটো কঠিন বুলিও মন্তব্য প্ৰকাশ কৰে কিশোৰ শিৱমে। ইয়াৰ পিছতেই ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ প্ৰযোজক পি জে প্ৰিন্স, ৰসৰাজ পুথিভঁৰালৰ পৰিচালক- তত্বাৱধায়ক তথা শিক্ষক জেহেৰুল ইছলাম আৰু ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ অভিনেতা-অভিনেত্ৰীসকলে বন্তি প্ৰজ্বলন কৰে। আনহাতে সপ্তম বৰ্ষৰ সাতগছি বন্তি প্ৰজ্বলন কৰে ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ মুখ্য উপদেষ্টা তথা সমাজকৰ্মী সুবোধ তামুলী, সৰ্থেবাৰী পৌৰসভাৰ পাৰিষদ প্ৰেমদা তামুলী, কবি-সাংবাদিক তথা বিৰিণা গোষ্ঠী-অসমৰ সম্পাদক তফিকুৰ ৰহমান, কবি-সাংবাদিক সুৰজিৎ পাঠক, সাংবাদিক উজ্জ্বল  ডেকা, সমাজকৰ্মী গোপেশ ভূঞা, ইলুচনিষ্ট শুচিব্ৰত ৰয় আদিয়ে।

ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলৰ সপ্তম বৰ্ষৰ মুখ্য বেনাৰ উন্মোচন কৰে বৰপেটা জিলা বিহু শিল্পী সন্থাৰ উপসভানেত্ৰী তথা শিক্ষয়িত্ৰী- লেখিকা প্ৰীতিমনি ডেকা ভূঞা আৰু সৰ্থেবাৰী লেখিকা সমাৰোহ সমিতিৰ যুটীয়া সম্পাদক, শিক্ষয়িত্ৰী তথা কবি নিজৰা বৰ্মনে। ৰাজনন্দিনী ভ্ৰাম্যমাণ নাট্যদলে এইবাৰ দুখন নাটক লৈ ৰাইজৰ মাজলৈ যাব। এই নাটক দুখন হৈছে যশস্বী নাট্যকাৰ ৰমা বৰ্মনৰ “অধিকাৰ” আৰু তিলক বৈশ্যৰ “অন্নদাতা”।