বৰপেটা – অভয়াপুৰী বিকল্প ৰাজ্যিক ঘাই পথত তীব্ৰ খহনীয়া

266

বৰপেটাৰ পৰা জনিয়াৰ সমীপৱৰ্তী কৰাৰকুৰৰ বেঁকী নদীৰ দলংখনৰ পশ্চিম দিশে বিগত সময়ছোৱাত বেঁকী নদীয়ে ইউ টাৰ্ণ লৈ এনে দৰে পথটোত খহনীয়া হৈছে যে বাৰিষাৰ সময়ছোৱাত পুনৰ এই পথছোৱাত খহনীয়া চলিব বুলি আশংকা কৰিছে ৷

বিগত বৰ্ষত মূল পকী পথছোৱা খহাই নিয়াৰ পিছত কাষেৰে পথ কাটি ৰাইজক যাতায়াতৰ সুবিধাখিনি দিছিল যদিও পথছোৱাৰে গধুৰ যান-বাহনৰ চলাচল বন্ধ ৰাখিছিল ৷ এতিয়াও উক্ত পথ ছোৱাত হৈ থকা খহনীয়া আৰু বৰষুণৰ বাবে একেবাৰে যাতায়াতৰ বাবে মসৃণ হোৱা নাই ৷ ইপিনে বিভাগীয়ভাবে উক্ত পথছোৱা বচাবলৈ জিঅ বেগ দি খহনীয়া ৰোধৰ চেষ্টা চলাইছে যদিও ক্ৰমান্বয়ে পূৱ পিনত খহনীয়া আৰম্ভ হৈছে ৷

কম সময়ৰ ভিতৰতে অহা-যোৱা কৰিব পৰা হোৱাত পথটোৰে মটৰ -গাড়ী সমুহৰ চলাচল বেছি হৈছে যদিও জনিয়াৰ কৰাৰকুৰৰ খহনীয়াৰ বাবেই এতিয়া গধুৰ যান-বাহন চলাচল প্ৰায় কমি গৈছে ৷ সময় আৰু খৰচ বচোৱাৰ বাবেই বৰ্তমান ৰাষ্ট্ৰীয় ঘাই পথৰ সলনি ৰাজ্যিক বিকল্প ঘাই পথছোৱাৰে যাতায়াত উজু হৈ উঠিছে যদিও কৰাৰকুৰৰ বেঁকী নদীৰ দলঙৰ পৰা হৈ থকা খহনীয়াৰ বাবেই এতিয়া কোন মূহুৰ্তত পথছোৱা বন্ধ হৈ পৰে তাৰ কোনো ঠিকনা নাই ৷

সমষ্টি পুনৰ নিৰ্ধানৰ পূৰ্বৰ জনিয়া সমষ্টিৰ বিধায়ক ড° হাফীজ ৰফিকুল ইছলাম আৰু সাংসদ আব্দুল খালেকে এইক্ষেত্ৰত যেনে ধৰণে কাম কৰিব লাগিছিল তাকে নকৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷

বিকল্প ঘাই পথছোৱাৰ মেৰামতি কৰি দিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে ৷