বিজেপিত যোগদানৰ উজান

42

ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাৰ উপস্থিতিত বশিষ্ঠস্থিত মুখ্য কাৰ্যালয় “অটল বিহাৰী বাজপেয়ী ভৱনত” এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈ যায়।

উক্ত অনুষ্ঠানত দুধনৈৰ প্ৰাক্তন বিধায়ক দীপক ৰাভা, ছেমখৰ পৰিষদীয় সমষ্টিৰ MAC হেৰজিৎ জিদুং , বিৰাজ ফুকন, প্ৰহ্লাদ ৰাভা, প্ৰবীণ ৰাভা, অৰ্জুন ৰাভা, হিৰন্ময় ৰাভা, মৃগাংক মন্ত্ৰা, উদ্ধৱ ৰাভা, দিতুল কান্তি ৰাভা প্ৰমুখ্যে প্ৰায় ডেৰ সহস্ৰাধিক লোকে বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে।

নৱাগতসকলক দলৰ মজিয়ালৈ আদৰণি জনাই কলিতাই কয় যে এই যোগদানে বিজেপিৰ সাংগঠনিক ভেঁটি আৰু অধিক শক্তিশালী কৰি তুলিব।