সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুক্ষ্যাতিৰে উৰ্ত্তীণ হৈ স্থান লাভ কৰা বকোৰ হাহিমৰ শিক্ষক তথা যুৱ কৰ্মী কৈলাশ শৰ্মাক আজি বিপুল সম্বোৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ; “সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ ” বকো শিক্ষা খণ্ড সমিতিৰ উদ্যোগত আয়োজন কৰা হয় এক সম্বোৰ্ধনা কাৰ্য্যসূচী। বকো মজলীয়া বিদ্যালয়ৰ সভা গৃহত বিদ্যালয় খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বলেন চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নতুন দেউচৰ চাউলাগুৰি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক তথা সদ্য ঘোষিত অসম লোকসেৱা আয়োগৰ সংযুক্ত মূলক প্ৰতিযোগিতা পৰীক্ষা ২০২২ ৰ চূড়ান্ত ফলাফলত সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ বকো অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা শিক্ষক কৈলাশ শৰ্মাক এখনি ফুলাম গামোচা, শৰাই, জাপি, কিতাপৰ টোপোলা আৰু মান পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
উক্ত সভাৰ ভাষণ প্ৰসংগত কৈলাশ শৰ্মাই কয় যে বকো অঞ্চলত বহুতো প্ৰতিভাশালী ছাত্ৰ ছাত্ৰী আছে। কেৱল মাত্ৰ সজাগ হৈ চেষ্টা, একাগ্ৰতা আৰু নিয়মিতভাৱে অধ্যয়ন কৰিলেই লোকসেৱা আয়োগৰ দৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাটো বৰ টান কথা নহয়। সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ বকো শিক্ষা খণ্ড সমিতিৰ সভানেত্ৰী জাহ্নৱী বৰমুদৈ আৰু সম্পাদক কৃপাময় কৃষ্ণ সদাগৰেও শিক্ষাৰ মাধ্যমেৰে জীৱন গঢ়িব পৰা বহুমূলীয়া ভাষণ ৰাখে। সভা খনত উপস্থিত থাকি বকো শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গীতা দেৱীয়েও ছাত্ৰ ছাত্ৰী আৰু শিক্ষক সকলোক উদ্দেশ্যি তেখেতৰ বহুমূলীয়া ভাষণ আগবঢ়ায়। সভা খনত বকো শিক্ষা খণ্ডৰ শতাধিক শিক্ষক- শিক্ষয়িত্ৰী উপস্থিত থকাৰ উপৰিও বকো শিক্ষাখণ্ডৰ সহঃ বিদ্যালয় পৰিদৰ্শক জৱা বড়ো সহিতে বকো শিক্ষাখণ্ডৰ সমূহ কৰ্মচাৰী বৃন্দ উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বঢ়ায়।