জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত গুৱাহাটী মহানগৰীত প্ৰতিবাদী সমদল। অসম জাতীয় জনগোষ্ঠীয় ২৫ টা দল সংগঠনৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। খানাপাৰা খেলপথাৰৰ পৰা ওলোৱা এই প্ৰতিবাদী পদযাত্ৰাত কেইবাশতাধিক লোকে অংশগ্ৰহণ কৰি হাতে হাতে বেনাৰ পোষ্টাৰ লৈ জয় জুবিন দা, ন্যায় আমাক লাগিবই, জুবিন দা অমৰ হওক, জয় আই অসম আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে।
