নগাঁও _ নগাঁও চহৰৰ সমীপৱৰ্তী কৰৈয়নিৰ কলংপৰীয়া বাৰগঞা মন্দিৰ প্ৰাংগণত “জ্যোতিষ্ক”ৰ উদ্যোগত আৰু কৰৈয়নি চলাপৰীয়া শাখা সাহিত্য সভাৰ সহযোগত আজি প্ৰথম বাৰ্ষিক শিশু সমাৰোহখনি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত সভাপতি সোণাৰাম বৰাই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা এই সমাৰোহখনি উদ্বোধন কৰে ননৈ কলেজৰ সহযোগী অধ্যাপক, বিশিষ্ট লেখক, সাংস্কৃতিক কৰ্মী ড° বসন্ত বৰাই। উক্ত অনুষ্ঠানতে “জ্যোতিষ্ক” নামৰ শিশু আলোচনীখনৰ দ্বিতীয় সংখ্যাটো উন্মোচন কৰে চামগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশিষ্ট লেখক ড° ইন্দ্ৰজিৎ বেজবৰুৱাই।
এই অনুষ্ঠানতে শিশু সাহিত্যিক তথা কৰৈয়নি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰিণ্টু দাসৰ “এলেহুৱা সুন্দৰী আৰু অন্যান্য সাধু” নামৰ এখন গ্ৰন্থ উন্মোচিত হয়। উন্মোচন কৰে লেখক ড° ইন্দ্ৰজিৎ বেজবৰুৱাই। ইয়াৰ পিছতে চিত্ৰাংকণ প্ৰতিযোগিতা আৰু আমন্ত্ৰিত বিশখন বিদ্যালয়ৰ ফালৰ পৰা অহা শিক্ষাৰ্থীসকলে নিজা নিজা প্ৰতিভা প্ৰদৰ্শন কৰে। দুই শতাধিক শিশুৱে অংশগ্ৰহণ কৰা এই অনুষ্ঠানটিৰ মাজতে “জ্যোতিষ্ক সন্মান- ২০২৪” আগবঢ়োৱা হয়। প্ৰথম বৰ্ষৰ বাবে এই সন্মান আগবঢ়োৱা হয় কলংপৰীয়া বাৰগঞা সমাজৰ প্ৰতিষ্ঠাপক সভাপতি তথা বিশিষ্ট শিক্ষাবিদ প্ৰসন্ন কুমাৰ গোস্বামীলৈ। তেওঁৰ হৈ পুত্ৰ জয়ন্ত গোস্বামীয়ে এই সন্মান গ্ৰহণ কৰে। সামগ্ৰিক ভাৱে সমাৰোহ খনিৰ আঁত ধৰে “জ্যোতিষ্ক”ৰ সম্পাদক দিলীপ বৰা, দ্বীপজ্যোতি বৰা আৰু ভৰত বৰাই। অন্যহাতে এই অনুষ্ঠানৰ সমান্তৰালকৈ আয়োজন কৰা গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীৰ বাকৰিতো যথেষ্ট লোকৰ সমাগম দেখা যায়।
জ্যোতিষ্কৰ প্ৰায় পঞ্চাশ জন সদস্যক চিনাকি অনুষ্ঠানত উপস্থিত থকা অঞ্চলৰ গণ্য-মান্য ব্যক্তি ক্ৰমে নব্বৈ বছৰ উৰ্দ্ধৰ অনাদি কন্দলী আৰু নবীন গোস্বামীক বিশেষভাবে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰণৱ গোস্বামী, শিশুবন্ধু দুলাল বৰা, সাংবাদিক জয়ন্ত বৰা, কবীন পাটৰ, প্ৰফুল্ল বৰা, প্ৰভাত চন্দ্ৰ বৰা, ৰাজেন শইকীয়া, ভূৱন চন্দ্ৰ শৰ্মা, তিলক শৰ্মা, প্ৰদীপ বৰা, নিতুল শইকীয়া, ৰাজেন ফুকন, ভৰত বৰা, নজৰুল ইছলাম, তাৰাপদ ভূঞা, তোষেশ্বৰ কলিতা, দীপা শইকীয়া, মুনমী বৰা, ক্ষীৰ শৰ্মা, জিতুমণি গায়ন, ৰাজকুমাৰ বৰা, জুৰিমা চহৰীয়া, দীপা বৰা, দিব্যজ্যোতি শইকীয়া, বিপুল মালাকাৰ, নিৰ্মালি বৰাকে ধৰি নিমন্ত্ৰিত বিদ্যালয়সমূহৰ বিদ্যালয় প্ৰধানসকলে উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বিয়লি আহাৰ বিৰতিৰ পিছতে অসমীয়া বানান লিখা প্ৰতিযোগিতা অনুষ্ঠিত হয়।শেষত জাতীয় সংগীত পৰিবেশনেৰে সমাৰোহৰ সমাপ্তি ঘটে।