বৰপেটা জিলা ‘আমছু’ৰ গুৰুত্বপূৰ্ণ সভা

220

‘আমছু’ৰ বৰপেটা জিলা সমিতিৰ এখন গুৰুত্বপূৰ্ণ যোগদান সভা জিলা সমিতিৰ সভাপতি আব্দুল জুব্বাৰ আলীৰ পৌৰহিত্যত হাউলীস্থ এম্বিশ্বন ইংলিচ একাডেমী প্ৰাঙ্গণত অনুষ্ঠিত হয়। সভাখনৰ উদ্দেশ্যে ব্যাখ্যা কৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক ছাইদুৰ ৰহমানে।

উক্ত সভাত আমছুৰ প্ৰাক্তন সভাপতি ছবিবৰ ৰহমান, জিলা আমছুৰ প্ৰাক্তন সভাপতি ছাদেৰ আলী আহমেদ, আমছুৰ কেন্দ্ৰীয় উপদেষ্টা আইনুদ্দিন আহমেদ আদিয়ে উপস্থিত থাকি ৰাজ্য চৰকাৰৰ বিভিন্ন কাম কাজ তথা কাৰ্যকলাপক ক্ষুঢ়ধাৰ সমলোচনা কৰাৰ লগতে আমছুৰ বৰপেটা সমিতিক অধিক সক্ৰিয় হৈ সাংগাঠনিক কাম কাজ কৰি যাবলৈ আহ্বান জনায়।

বিভিন্ন সংগঠনৰ শতাধিক যুৱ কৰ্মীয়ে আমছুৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ আনুষ্ঠানিকভাৱে অসমৰ সংখ্যালঘূ জনগোষ্ঠীৰ একমাত্ৰ জাতীয় সংগঠন ‘আমছু’ত যোগদান কৰে। অনুষ্ঠানত আমছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক ছফিউৰ ৰহমান, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদকদ্বয় মো:  তোতা মিঞা, জয়নুদ্দিন আলী আহমেদ, জিলা আমছুৰ প্ৰাক্তন উপদেষ্টা নাজিৰ হুছেইন, জিলা আমছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক নাজিম উদ্দিন আহমেদসহ ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে |