বিগত সময়ছোৱাত কফ চিৰাপ সেৱনৰ ফলত দেশত কেইবাটাও শিশুৰ অকাল বিয়োগ ঘটাৰ পাছত শেহতীয়াকৈ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্দিষ্ট কফ চিৰাপ ব্ৰেণ্ডকেইটালৈ সতৰ্কবাণী জাৰি কৰিছে।বিশ্ব স্বাস্থ্য সংস্থাই লগতে ইয়াকো কয় যে এই উল্লেখিত তিনিওটা ব্ৰেণ্ডৰ কফ চিৰাপত ডাইথাইলিন গ্লাইকলৰ মাত্ৰা অধিক পোৱা গৈছে। যিটো শিশুৰ বাবে একেবাৰে অনুপযোগী আৰু বিপদজ্জনক। ইয়াৰ মাত্ৰা অধিক হ’লে শিশুৰ মৃত্যুপৰ্যন্ত হ’ব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই স্পষ্ট কৰি দিয়ে। বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতিত শিশুৰ এই অকাল বিয়োগৰ বাবে কলড্ৰিফ, ৰেস্পিফ্ৰেছ টি আৰ আৰু ৰিলাইফ এই নিৰ্দিষ্ট ৩টা ব্ৰেণ্ডক দোষাৰোপ কৰিছে। এই ব্ৰেণ্ড তিনিটা প্ৰস্তুত কৰিছে স্ৰেছান ফাৰ্মাচিউটিকেল, ৰেডনেক্স ফাৰ্মাচিউটিকেলছ আৰু শ্বেপ ফাৰ্মাই।
