নাৰী সুৰক্ষা ক্ষেত্ৰখন ব্যতিক্রম মাছডোৰ এক ব্যতিক্রমী প্রয়াস

121

ব্যতিক্রম মাছডোৰ দিনজোৰা নাৰী সুৰক্ষা আৰু সৱলী কাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়। ২৬ ছেপ্টেম্বৰ দিশপুৰস্থিত নেডফি প্রেক্ষাগৃহত পুৱা ১০ বজাৰ পৰা অনুষ্ঠান আৰম্ভ হয়। যাৰ মূল বিষয় আছিল ‘ইঞ্চবিং ছেফটি অফ ৱ’মেন: এ কল টু অ্যাকশন’। সমাজকর্মী প্রয়াত বন্দনা বৰুৱা-ৰ নামত এই অনুষ্ঠানটো উৎসর্গ কৰা হৈছে। এগচি বন্তি প্রজ্বলন আৰু সমাজকর্মী প্রয়াত বন্দনা বৰুৱালৈ একাজলি শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে লগতে প্রয়াত বন্দনা বৰুৱা-ৰ স্মৃতিত এক মিনিট মৌনতা পালন কৰা হয়। মৌনতা পালন কৰাৰ পাছতে তেওঁৰ স্মৃতিক সুৱৰী জীয়ৰী তথা বাক্সা জিলার উপায়ুক্ত কৃষ্ণা বৰুৱায় কয় যে, “ব্যতিক্রমে এনে এটা প্রদক্ষেপ হাতত লোৱাৰ বাবে মোৰ লগতে মোৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিলোঁ। নাৰী সুৰক্ষা আৰু সবলী কৰণৰ ওপৰত একেধাৰে কাম কৰি যোৱা আৰু সমাজৰ বিভিন্ন স্তৰত উন্নতি কৰাৰ দিশত মোৰ মা বন্ধনা বৰুৱাৰ বহু অৱদান আছে। যোৱা তিন- চাৰি দশক ধৰি তেওঁ সামাজিক আৰু সাংস্কৃতিক মেলবন্ধনৰ বাবে বহু কাম কৰি গৈছে।” আৰম্ভনি ভাষণত ব্যতিক্রম মাছডোৰ উপদেষ্টা তথা সংগীতশিল্পী মনীষা হাজৰিকায় ব্যতিক্ৰমৰ এই অনুষ্ঠানটো সলাগ লই মহিলা সকলক অনুপ্রাণিত কৰি কয় যে আগন্তুক প্রতি বছৰে সমাজিক কামত অবদান থকা ব্যক্তিসকলক প্রয়াত বন্দনা বৰুৱা-ব নামাঙ্কিত এটি বঁটা প্ৰদান কৰা হ’ব বুলি অবগত কৰে।

অনুষ্ঠানত বিশেষ বক্তা হিচাপে উপস্থিত থাকে মুম্বাইৰ লেখক তথা উদ্যোগী আৰু সামাজিক কর্মী ড’দীনেশ শ্বাহৰা, সংগীত শিল্পী মনীষা হাজৰিকা, লণ্ডনৰ প্ৰয়োজক তথা চিকাৰ চলচ্চিত্ৰৰ প্ৰয়োজক ছেম ভট্টাচার্য আৰু মিত্রা ভট্টাচার্য, চিকাৰ চলচ্চিত্ৰৰ কাহিনী আৰু পৰিচালক দেবাঙ্কৰ বৰগোহাঁই-ৰ লগতে ব্যতিক্রম মাছডোৰ সভাপতি ড’ সৌমেন ভাৰতীয়া। ইয়াৰ পাছতে ‘চিকাৰ’ পৰিয়ালবগই ‘চিকাৰ’ টি-চার্ট আনুষ্ঠানিক ভাবে মুকলি কৰা হয়। ‘ইঞ্জুৰিং ছেটি অফ ৱ’মেন: : এ কল টু অ্যাকশন’-ত আলোচনা চক্র, বক্তৃতা লগতে এটি সাংস্কৃতিক অনুষ্ঠানও আয়োজন কৰিছিল। য’ত অংশগ্রহণ কৰে অভিনেত্রী নিশিতা গোস্বামী, লেখিকা তথা নন্দিনী-ৰ সম্পাদক মাইনি মহন্ত, স্বাস্থ্য পৰিয়াল কল্যাণ বিভাগৰ যুটীয়া সম্পাদক যুটীয়া সম্পাদক ইন্দ্রাণী লস্কৰ, সাংবাদিক স্নিগ্ধা শিখা বৰা, WWF-India অসম ৰাজ্যিক কার্যালয় সমন্বয়ক অর্চিতা বৰুৱা ভট্টাচার্য, সংগীত চিকিৎসক অনুভূতি কাকতি গোস্বামী, যোগ শিক্ষক তথা উদ্যোগী সুচন্দ্রা বয়, প্ৰেছ ট্রাস্ট অফ ইণ্ডিয়া (পিটিআই) অসমৰ ব্যুৰো চিহ্ন দূর্বা ঘোষ, ফেশন ডিজাইনৰ মেঘনা ৰায় মেধি, শইকীয়া ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা ফেশ্বন ডিজাইনৰ মেধা শইকীয়া, জুৱেলাৰী ডিজাইনাৰ জেউতি দাস বাণিকা, মনোবিজ্ঞানী দিক্ষীতা প্রণব গার্গ, চছিয়েল ইনফ্লুরেন্সাব প্রিয়ংকা বৰা তালুকদাৰ, শিল্পী ৰিংকুমনি কলিতা, সত্রীয়া নৃত্যশিল্পী অন্যান্য মহন্ত, ৰবীন্দ্ৰ আৰু কথক নৃত্যশিল্পী তানিশা দত্ত, গণ যোগাযোগৰ ছাত্ৰী তথা লেখক ধ্রুণিকা দত্ত, গায়িকা প্রণিতা তালুকদাৰ, সংগীত শিল্পী কাকলি কৃষ্ণা, মডেল তথা শিক্ষয়িত্রী ৰেখা দাস প্রমুখ।

এই অনুষ্ঠানৰ মূল লক্ষ্য হৈছে উত্তৰ-পূবৰ মহিলা সকলৰ নেটৱৰ্ক লগতে তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰি অন্তর্দৃষ্টি লাভ কৰাৰ বাবে এক মঞ্চ প্রদান কৰা। প্রতি বৰ্গৰ, প্ৰতি বয়সৰ আৰু প্ৰতি স্তৰৰ মহিলাৰ বাবে সুৰক্ষিত এক পৰিৱেশৰ সৃষ্টি কৰা। এই সন্দৰ্ভত ব্যতিক্রম মাছডোৰ পৃষ্ঠপোষক ড° সৌমেন ভাৰতীয়াই কয় যে, “মহিলা সকলৰ আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰশীল হোৱাটো বর্তমান সময়ত বহু প্রয়োজন। সমাজ এখন সামাজি, ৰাজনৈতিক, সাংস্কৃতিক আৰু অর্থনৈতিকভাবে আগবাঢ়ি যাবলৈ হ’লে নাৰী- পুৰুষ নির্বিশেষে সকলো ব্যক্তি সমানে আগবাঢ়ি যোৱাটা অপৰিহাৰ্য যদিও মানৱ সভ্যতাৰ বিকাশৰ ইতিহাসত এই ধাৰাবাহিকতা ৰক্ষা কৰা দেখা নাযায়। নাৰীৰ সম্মান আৰু স্বভিমান ৰক্ষাৰ পন্থা বিচাৰি উলিওৱাৰ স্বাৰ্থত কিছু আলোচনা তথা গঠনমূলক পদক্ষেপৰ প্রয়োজন অৱশ্যেই আছে। সেই বাবে আমি এনে এটা অনুষ্ঠান আয়োজন কৰিছোঁ যাৰ নাম ‘ইঞ্চুৰিং ছেফটি অফ ৱ’মেন: এ কল টু অ্যাকশন’। আমি ইয়াৰ পূৰ্বে মহিলা সকলক লৈ বহু কেইটা অনুষ্ঠান সফলতাৰে অনুষ্ঠিত কৰিছোঁ, আমি আশাবাদী যে এই অনুষ্ঠানে মহিলা সকলক আৰু বেছি শক্তিশালী কৰি তুলিব।” উল্লেখযোগ্য যে এই অনুষ্ঠানে কেৱলমাত্ৰ নাৰী সমাজক নহয় বিভিন্ন স্তৰৰ সমাজ ব্যৱস্থাকো প্রভাৱ পেলাব। ব্যতিক্ৰমৰ এই পদক্ষেপে মহিলা সকলৰ সুৰক্ষাৰ ক্ষেত্ৰত বেৰিকেতৰ দৰে কাম কৰিব। অনুষ্ঠানত সহযোগিতা আগবঢ়াইছে অসম চৰকাৰৰ এইচ নিৰন্ত্ৰণ বিভাগ, দীনেশ সাহাৰা ফাউন্ডেশন প্রমুখ সংস্থা।