বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি) ২০২৫ৰ বিজয়ীসকলে পূৰ্বৰ পৰ্যায়ত দিয়া পুৰস্কাৰৰ ধনতকৈ অধিক ধন লাভ কৰিব, যিটো এতিয়া ৩৬ লাখ ডলাৰলৈ বৃদ্ধি পাইছে। এই ধনৰাশি পূৰ্বৰ পৰ্যায়ত দিয়া পুৰস্কাৰৰ ধনৰ দুগুণতকৈও অধিক। ২০২৩ চনত ভাৰতৰ বিৰুদ্ধে ডব্লিউ টি চি ফাইনেলত জয়লাভ কৰাৰ বাবে অষ্ট্ৰেলিয়াই লাভ কৰিছিল ১৬ লাখ মাৰ্কিন ডলাৰ।
২০২৫ চনৰ ফাইনেলখন এতিয়া ১১ জুনৰ পৰা লৰ্ডছত অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব। ফাইনেলত পৰাজিত দলটোৱে ২১ লাখ ডলাৰ লাভ কৰাৰ বিপৰীতে পূৰ্বৰ দুটা সংস্কৰণৰ ৰানাৰ্ছ আপ দলে লাভ কৰে ৮ লাখ ডলাৰ। বৃহস্পতিবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে এক বিবৃতিত কয় যে, পুৰস্কাৰৰ ধন বৃদ্ধিয়ে আইচিচিয়ে টেষ্ট ক্ৰিকেটক অগ্ৰাধিকাৰ দিয়াৰ প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে, কিয়নো ই ৯ দলৰ প্ৰতিযোগিতাখনৰ প্ৰথম তিনিটা ৰাউণ্ডৰ গতিবেগ গঢ়ি তুলিবলৈ চেষ্টা কৰিছে।
শ্ৰীলংকা আৰু পাকিস্তানৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাত ২-০ ত জয়লাভ কৰি দক্ষিণ আফ্ৰিকাই ৬৯.৪৪ শতাংশ পইণ্টেৰে ডব্লিউ টি চি চক্ৰত শীৰ্ষস্থান দখল কৰে।
