চেম্পিয়নছ ট্ৰফী বিজেতাই লাভ কৰিব ২০ কোটি টকা

34

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে পাকিস্তান আৰু সংযুক্ত আৰৱ আমিৰাত অনুষ্ঠিত হ’বলগীয়া চেম্পিয়নছ ট্ৰফীৰ পুৰস্কাৰৰ ধন ৫৩ শতাংশ বৃদ্ধি কৰিছে, আৰু এতিয়া বিজয়ী দলটোৱে ২.২৪ নিযুত ডলাৰ (প্ৰায় ২০ কোটি টকা) লাভ কৰিব। উপ বিজেতা দলে এই পৰিমাণৰ আধা লাভ কৰিব, যি হৈছে ১.১২ নিযুত ডলাৰ (৯.৭২কোটি টকা)। ছেমিফাইনেলত পৰাজিত হোৱা দলবোৰে ৫,৬০,০০০ ডলাৰ (৪.৮৬ কোটি টকা) লাভ কৰিব।

মুঠ পুৰষ্কাৰৰ ধন ৬.০৯ নিযুত ডলাৰ (প্ৰায় ৬০কোটি টকা) নিৰ্ধাৰণ কৰা হৈছে। ১৯ ফেব্ৰুৱাৰীত আৰম্ভ হ’ব লগা প্ৰতিযোগিতাখনৰ পূৰ্বে আইচিচিৰ সভাপতি জয় শ্বাহে এক বিজ্ঞপ্তিত কয় যে এই পুৰষ্কাৰৰ ধনে ক্ৰীড়াত বিনিয়োগ আৰু আমাৰ প্ৰতিযোগিতাসমূহৰ বিশ্বব্যাপী খ্যাতি বজাই ৰখাৰ প্ৰতি আইচিচিৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। গ্ৰুপ পৰ্যায়ত বিজয় অৰ্জন কৰা যিকোনো দলে ৩৪,০০০ডলাৰ (৩০ লাখ টকা) পুৰস্কাৰ লাভ কৰিব।

পঞ্চম বা ষষ্ঠ স্থানত থকা প্ৰতিটো দলে ৩,৫০,০০০ ডলাৰ (৩ কোটি টকা) লাভ কৰিব, আনহাতে সপ্তম আৰু অষ্টম স্থানত থকা দলবোৰে ১,৪০,০০০ ডলাৰ (১.২ কোটি টকা) লাভ কৰিব। ইয়াৰ উপৰিও, প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা আঠটা দলৰ প্ৰতিটোক ১,২৫,০০০ ডলাৰ (১.০৮ কোটি টকা) লাভৰ নিশ্চিয়তা থাকিব।