তামাৰহাট থানাৰ আৰক্ষী বিষয়া কপিল বৰাক জেললৈ প্ৰেৰণ। আৰক্ষীৰ জিম্মাত এগৰাকী অভিযুক্তৰ মৃত্যুৰ পাছতেই বিতৰ্কত সোমাই পৰিছিল আৰক্ষী বিষয়াগৰাকী। তেওঁৰ বিৰুদ্ধে অভিযুক্তক অমানুষিক অত্যাচাৰ চলোৱাৰ অভিযোগ তুলি প্ৰতিবাদ কৰে স্থানীয় একাংশ লোকে। তাৰ পাছতেই তেওঁ ৰিজাৰ্ভ ক্ল’জ কৰা হৈছিল।মেছপাৰা গাঁৱৰ বাসিন্দা মনোহৰ ৰয়ৰ মৃত্যুৰ পাছতেই এই গোচৰৰ সূত্ৰপাত ঘটে। আৰক্ষীৰ নিৰ্যাতনৰ ফলতে ৰয়ৰ মৃত্যু হোৱা বুলি পৰিয়ালে দাবী কৰে। যোৱা ২৮ ছেপ্টেম্বৰত স্থানীয় ঠিকাদাৰ হাবিবুল শ্বেখৰ সৈতে জড়িত মজুৰি অনাদায়ৰ বিবাদৰ গোচৰত মনোহৰ ৰয়ৰ লগতে আন দুজন ব্যক্তি ৰাকেশ ৰয় আৰু গণেশ ৰয়ক আটক কৰা হৈছিল।কিন্তু ৰহস্যজনকভাৱে সংকটজনক অৱস্থাত তেওঁলোকক মুকলি কৰি দিয়া হয়। তাৰ পূৰ্বে আৰক্ষীৰ জিম্মাত তিনিওজনকে প্ৰহাৰ কৰা বুলি গাঁওবাসীয়ে অভিযোগ কৰিছে। তাৰ পিছত ৰয়ৰ স্বাস্থ্যৰ অৱনতি ঘটে, যাৰ ফলত তেওঁৰ মৃত্যু হয়।
