ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সংক্ৰান্তত আজি কামৰূপ মহানগৰ জিলাৰ জিলা আৰু চেছন আদালতত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। আজিৰ আদালতে মূলত তিনি অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ জ্যোতি গোস্বামীয়ে দাখিল কৰা পৃথক পৃথক আবেদনৰ ওপৰত শুনানি গ্ৰহণ কৰে। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ হৈ প্ৰতিনিধিত্ব কৰা বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে আবেদনসমূহৰ বিৰোধিতা কৰে। পিছত উভয় পক্ষৰ যুক্তি শুনি আদালতে অভিযুক্তৰ আবেদন সমূহৰ সন্দৰ্ভত অহা ১৬ ফ্ৰেব্ৰুৱাৰীত ৰায় প্ৰদানৰ বাবে দিন ধাৰ্য কৰে।
উল্লেখযোগ্য যে, বিশেষ তদন্তকাৰী গোটে বেংক একাউণ্ট জব্দ কৰাৰ বিৰোধিতা আৰু গোচৰৰ যাৱতীয় নথি-পত্ৰ লাভ নকৰা বুলি অভিযুক্ত শ্যামকানু মহন্তই আদালতত আবেদন দাখিল কৰিছিল। একেদৰে, সিদ্ধাৰ্থ শৰ্মাই গোচৰৰ পৰা ৰেহাই দিয়া, ছিংগাপুৰৰ কʼৰনাৰছ আদালতৰ তথ্য প্ৰদান কৰাৰ বাবে আবেদন দাখিল কৰে। বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামীয়েও আদালতত গোচৰৰ পৰা ৰেহাই দিয়াৰ বাবে নতুনকৈ আবেদন দাখিল কৰে। এই আবেদনসমূহৰ ওপৰতে আজি আদালতে শুনানি গ্ৰহণ কৰি অহা ১৬ ফ্ৰেব্ৰুৱাৰীত ৰায় প্ৰদানৰ বাবে দিন ধাৰ্য কৰে। আজি শুনানি প্ৰক্ৰিয়াত উপস্থিত থকা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ আৰু ভগ্নী পামী বৰঠাকুৰে গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ফাষ্ট ট্ৰেক আদালতত জৰিয়তে সম্পন্ন কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান জনায়।
