বিহাৰৰ ৰাজগীৰত অহা ২৯ আগষ্টৰ পৰা আৰম্ভ হব এছিয়ান কাপ হকী – ২০২৫ প্ৰতিযোগিতা । প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ প্ৰাকমুহূৰ্তত ২৫ আগষ্টত ৰাজধানী নতুন দিল্লীত আয়োজিত এক অনুষ্ঠানত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীয়ে ট্ৰফীটো শুভ উদ্বোধন কৰিছিল ৷ এই ট্ৰফীটো দেশৰ ৬ খন ৰাজ্যৰ ৰাজধানী চহৰৰ ভিতৰত গুৱাহাটীৰ ১০ টা স্থানত মঙলবাৰে প্ৰথম প্ৰদৰ্শন কৰা হয়। আজি পুৱা ৮.২০ বজাত নতুন দিল্লীৰ পৰা বিমানত ট্ৰফীটো বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আহি পোৱাৰ পাছত বিমানবন্দৰত অসম অলিম্পিক সন্থাৰ কোষধ্যক্ষ অশোক কুমাৰ ভৰালীকে ধৰি সন্থাৰ একাংশ বিষয়ববীয়াই ট্ৰফীটো লৈ অনা বিহাৰ অলিম্পিক সন্থাৰ দলটোক আদৰণি জনায়।
তাৰ পাছত পোনে পোনে ট্ৰফীটো শক্তিপীঠ কামাখ্যা মন্দিৰলৈ লৈ যোৱা হয়। তাত কামাখ্যা দলৈ সমাজৰ বৰ দলৈ কৱীন্দ্ৰ প্ৰসাদ শৰ্মা, সৰু দলৈ হিমাদ্ৰী শৰ্মাকে ধৰি দলৈ সমাজৰ একাংশ বিষয়বয়ীয়াই মাংগলিক কাৰ্যৰ মাজেৰে ট্ৰফীটোক যাবতীয় পূজা অৰ্চনা কৰে আৰু প্ৰতিযোগিতাখনত ভাৰতে জয়লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে মা কামাখ্যাই আশীৰ্বাদ দিব বুলি আশা ব্যক্ত কৰে। মন্দিৰ চৌহদত মালিগাঁও যোগা কেন্দ্ৰৰ প্ৰধান আচাৰ্য সুভাশীখ কৰ , অসম হকী সন্থাৰ সাধাৰণ সম্পাদক তপন দাসকে ধৰি সন্থাৰ একাংশ বিষয়ববীয়া উপস্থিত থাকে।
সকলোৱে ভাৰতীয় হকী দলটোৰ বিজয় লাভৰ বাবে প্ৰাৰ্থনা জনোৱাৰ পাছত গুৱাহাটী পানবজাৰস্থিত হেৰিটেজ উদ্যান , গুৱাহাটী টাউন ক্লাব, আইকন একাডেমী , আই এ এছ একাডেমী, দিছপুৰ সচিবালয় চৌহদ, হকী ষ্টেডিয়াম , জালুকবাৰীৰ ডঃ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয় চৌহদলৈ ট্ৰফীটো লৈ যোৱা হয়। তাত ট্ৰফীটো ৰাজহুৱা প্ৰদৰ্শন কৰাৰ পাছত সন্ধিয়া ৬.৪৫ বজাত বৰঝাৰ বিমানবন্দৰ হৈ ট্ৰফীটো নতুন দিল্লীলৈ লৈ যোৱা হয়।
