শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কালিমা সানি পুনৰ আৰক্ষীৰ জালত পৰিল আন এজন লম্পট শিক্ষক। ধুবুৰীৰ বালুচৰ অঞ্চলৰ ৰাষ্ট্ৰভাষা হিন্দী এল পি স্কুলৰ সহকাৰী শিক্ষক আব্দুল খালেকৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ। শ্ৰেণীকোঠাৰ ভিতৰতে নাবালিকা ছাত্ৰীক মোবাইলত অশ্লীল ভিডিঅ’ দেখুৱাই এক জঘন্য কাণ্ড সংঘটিত কৰা এই শিক্ষকজনৰ বিৰুদ্ধে এতিয়া জ্বলি উঠিছে সমগ্ৰ ধুবুৰী।
কেৱল অশালীন ভিডিঅ’ দেখুওৱাই নহয়, আব্দুল খালেকে ৫০ টকাৰ প্ৰলোভনেৰে কণ কণ ছাত্ৰীকেইগৰাকীক নিজৰ বাসগৃহলৈ নিয়াৰো এক কুৎসিত ষড়যন্ত্ৰ কৰিছিল। ছাত্ৰীৰ মুখত এই ভয়ংকৰ অভিজ্ঞতাৰ কথা শুনি ধুবুৰীৰ আকাশ-বতাহ কঁপাই তোলে উত্তেজিত অভিভাৱকৰ প্ৰতিবাদে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ দল বিদ্যালয়ত উপস্থিত হ’বলগীয়া হয় আৰু এই লম্পট শিক্ষকজনক হাতকেৰেয়া লগাই থানালৈ লৈ যায়।
আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ইতিমধ্যে দুজনী ছাত্ৰীৰ ভাষ্যৰ আধাৰত অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যিজন শিক্ষকৰ হাতত অভিভাৱকে সন্তানক নিৰাপদ বুলি গতাই দিছিল, সেই শিক্ষকজনৰ এনে নিকৃষ্ট কাৰ্যই এতিয়া সমগ্ৰ সমাজতে তীব্ৰ ঘৃণা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে এই আব্দুল খালেকৰ বিৰুদ্ধে এনে এক দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে, যাতে কোনো শিক্ষানুষ্ঠানত কোনো শিক্ষকে এনে কৰিবলৈ সাহস নকৰে।
