জাগীৰোডত নিৰ্মাণ হ’ব তাজ হোটেল

261

শীঘ্ৰেই জাগীৰোডত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিবলগা টাটা অৰ্ধপৰিবাহী প্ৰকল্পৰ ওচৰতে নিৰ্মাণ হ’ব অসমত তৃতীয়খন তাজ হোটেল। শেহতীয়াকৈ  অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে প্ৰকল্পটোৰ সৈতে জড়িত বিষয়া আৰু উদ্যোগপতিসকলৰ বাবে আতিথ্য আৰু বাসস্থানৰ বিকল্প বৃদ্ধি কৰা।

অসম কেবিনেটে ৰাষ্ট্ৰীয় ঘাইপথ-৩৭ৰ উত্তৰ ফালে থকা বৰ্তমান নিষ্ক্ৰিয় হৈ পৰা হিন্দুস্তান পেপাৰ কৰ্পোৰেচন লিমিটেডৰ (এইচপিচিএল) নগাঁও কাগজ কলৰ সম্পত্তিৰ পৰা ইণ্ডিয়ান হোটেল কোম্পানী লিমিটেডক (আইএইচচিএল) ৬ একৰ ভূমি লীজত দিয়াৰ অনুমোদন জনাইছে।

চৰকাৰৰ দ্বাৰা অনুমোদিত হাৰত ৬০ বছৰৰ বাবে প্ৰদান কৰা লীজটোৱে অঞ্চলটোত অধিক বিকাশ কঢ়িয়াই অনাৰ সম্ভাৱনা আছে।