উচ্চতম ন্যায়ালয়ে শুকুৰবাৰে নীট পৰীক্ষাত প্ৰশ্নকাকত ফাদিল আৰু অনিয়ম সম্পৰ্কীয় আৱেদনৰ শুনানি গ্ৰহণ কৰে। ইফালে, আদালতে নীট পৰীক্ষা অনুষ্ঠিত কৰা ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এনটিএ)ক চিবিআই তদন্ত বিচাৰি কৰা আবেদনৰ ওপৰত জাননী জাৰি কৰে আৰু ইয়াৰ উত্তৰ বিচাৰে। শীৰ্ষ আদালতে কয় যে উত্তৰ দাখিল কৰাৰ পিছত, বিষয়টোৰ শুনানি এতিয়া ৮ জুলাইত হ’ব। শুনানিৰ সময়ত, আবেদনকাৰীৰ অধিবক্তাই কয় যে এই বিষয়টো ২৪ লাখ শিক্ষাৰ্থীৰ ভৱিষ্যতৰ সৈতে সম্পৰ্কিত। এনে পৰিস্থিতিত, আদালতে সোনকালেই শুনানী গ্ৰহণ লাগে। এই সন্দৰ্ভত শীৰ্ষ ন্যায়ালয়ে কয় যে আমি ইয়াৰ গম্ভীৰতা বুজি পাওঁ। অধিবক্তাজনে ছাত্ৰ-ছাত্ৰীসকলৰ আত্মহত্যাৰ কথাও উল্লেখ কৰে। এই কথা শুনি ন্যায়ালয়ে কয় যে এনে আৱেগিক যুক্তি নিদিব, আইনৰ প্ৰক্ৰিয়া অনুসৰণ কৰি এনটিএৰ সঁহাৰি চোৱাটো প্ৰয়োজনীয়।
Latest article
এইচএমডি-এ মুকলি কৰিলে সংগীতকেন্দ্ৰিক স্মাৰ্টফোন, ৰাজস্থান ৰয়েলছৰ সৈতে বৃদ্ধি কৰিলে অংশীদাৰিত্ব
হিউমেন মোবাইল ডিভাইচ(এইচএমডি)-এ বৰ্ধিত অডিঅ’ ক্ষমতা আৰু সমৰ্পিত মিউজিক কণ্ট্ৰ’ল(সংগীত নিয়ন্ত্ৰণ)ৰ সুবিধা সন্নিৱিষ্ট কৰি সংগীত অনুৰাগীসকলৰ বাবে দুটা নতুন ফিচাৰ ফোন-এইচএমডি ১৩০ মিউজিক আৰু...
জিচিপিএলে যুগান্তকাৰী উদ্ভাৱনৰ জৰিয়তে শক্তিশালী কৰিছে নিজৰ নেতৃত্ব
ভাৰতৰ উদীয়মান বজাৰ আৰু ঘৰুৱা কীটনাশক (এইচ আই) শিতানৰ আগশাৰীৰ প্ৰতিষ্ঠান গড্ৰেজ কনজিউমাৰ প্ৰডাক্টছ লিমিটেড(জিচিপিএল)-এ যুগান্তকাৰী উদ্ভাৱন আৰু শিতান সম্প্ৰসাৰণৰ জৰিয়তে নিজৰ নেতৃত্ব শক্তিশালী...
জেতুকা পাতৰ গুণা-গুণ জানেনে
জেতুকা পাতৰ গুণা-গুণ জানেনে ? ছাল আৰু চুলিৰ বাবে ই কিমান উপকাৰী ?বিহুলৈ মাজত মাথো আৰু কেইটামান দিনহে বাকী ৷ সকলোতে এতিয়া মাথো চলিছে...