নিৰ্বাচনমুখী অসমৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ) বিচাৰি দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজড়িত আবেদনত হস্তক্ষেপ কৰিবলৈ বৃহস্পতিবাৰে অস্বীকাৰ কৰে উচ্চতম ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ নেতৃত্বত গঠিত বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে যিহেতু ৰাজ্যখনত ইতিমধ্যে চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাইছে, সেয়েহে এই আবেদনৰ এতিয়া কোনো আইনী ভিত্তি নাই। নিৰ্বাচন আয়োগৰ হৈ জ্যেষ্ঠ অধিবক্তা ডি এছ নাইডুৱে আদালতত জনায় যে যোৱা ১০ ফেব্ৰুৱাৰীতেই অসমৰ ভোটাৰ তালিকাৰ কাম সম্পূৰ্ণ কৰা হৈছে।
মৃণাল কুমাৰ চৌধুৰী নামৰ এজন ব্যক্তিয়ে দাখিল কৰা এই আবেদনখনত নিৰ্বাচন আয়োগে অসমত নিবিড় পুনৰীক্ষণ নকৰি কেৱল ‘বিশেষ পুনৰীক্ষণ’ (এছআৰ) কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনোৱা হৈছিল। আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা বিজয় হানচাৰীয়াই যুক্তি দিছিল যে ভোটাৰ তালিকাৰ শুদ্ধতাৰ বাবে এক কঠোৰ অনুসন্ধানৰ প্ৰয়োজন। কিন্তু বিচাৰপীঠে কয়, “চূড়ান্ত তালিকা প্ৰকাশ হোৱাৰ পাছত এতিয়া আৰু একো বাকী থকা নাই।”
ন্যায়ালয়ে লগতে সকীয়াই দিয়ে যে নিৰ্বাচন আয়োগে কাকো নিজ ইচ্ছানুসৰি বিদেশী বুলি ঘোষণা কৰিব নোৱাৰে, কাৰণ এই বিষয়টো আইনী ‘কাট-অফ’ তাৰিখ আৰু ন্যায়াধিকৰণৰ দ্বাৰাহে পৰিচালিত হয়। আবেদনখনত ভোটাৰ তালিকাত নাম ভৰোৱাৰ বাবে ‘আধাৰ’ক নথি হিচাপে গ্ৰহণ নকৰিবলৈও কোৱা হৈছিল। উল্লেখ্য যে, এই বিশেষ পুনৰীক্ষণৰ পাছত অসমত ভোটাৰৰ সংখ্যা ২.৪৩ লাখ হ্ৰাস পাইছে বুলি চৰকাৰী পৰিসংখ্যাত প্ৰকাশ পাইছে।
