ভাৰতীয় মহিলা দলক বিশ্ব চেম্পিয়ন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰিচা ঘোষক ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগলে সন্মানিত কৰে। অনুষ্ঠানৰ সময়ত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শিলিগুৰিত বিশ্বকাপ বিজয়ী ক্ৰিকেটাৰগৰাকীৰ নামেৰে এখন ষ্টেডিয়াম নামাকৰণ কৰা হ’ব বুলি ঘোষণা কৰে। ২২ বছৰীয়া উইকেটকীপাৰ বেটছমেন ৰিচা ঘোষৰ গৃহ চহৰ উত্তৰ বংগত অৱস্থিত শিলিগুৰি। শিলিগুৰিত সাংবাদিকৰ আগত মমতা বেনাৰ্জীয়ে কয়-চান্দমণি চাহ বাগিচাৰ ২৭ একৰ মাটিত নিৰ্মাণ কৰা হ’ব ‘ৰিচা ক্ৰিকেট ষ্টেডিয়াম’।
বংগৰ এগৰাকী উজ্জ্বল ক্ৰীড়া প্ৰতিভা ৰিচাক সন্মান জনোৱাৰ লগতে উত্তৰ বংগৰ যুৱ ক্ৰিকেটাৰসকলক উৎসাহিত কৰাৰ এক উপায়। শীঘ্ৰে এই প্ৰকল্পটো ৰাজ্য চৰকাৰে আৰম্ভ কৰিব বুলিও তেওঁ কয়। শনিবাৰে ৰিচা ঘোষক পশ্চিমবংগ চৰকাৰৰ ‘বঙা ভূষণ’ বঁটাৰে সন্মানিত কৰাৰ লগতে উপ-আৰক্ষী অধীক্ষক নিযুক্তি দিয়াৰ লগতে সোণৰ চেইন প্ৰদান কৰে। ভাৰতৰ প্ৰাক্তন বেষ্ট বলাৰ ঝুলন গোস্বামীয়ে বিশ্বকাপ বিজয়ী ৰিচা ঘোষক ‘বংগা ভূষণ’ৰে সন্মানিত হোৱাৰ বাবে অভিনন্দন জনায়।
ইডেন গাৰ্ডেনত ২২ বছৰীয়া ৰিচাক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰে ক্ৰিকেট এছ’চিয়েশ্যন অৱ বেংগল, য’ত ঝুলন গোস্বামী আৰু পুৰুষ ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলীয়ে অংশগ্ৰহণ কৰে। সম্বৰ্ধনা অনুষ্ঠানৰ সময়ত ৰিচা ঘোষক ফুলৰ থোপা, স্মাৰক, আৰু ৩৪ লাখ টকাৰ চেক প্ৰদান কৰা হয়। তদুপৰি মুখ্যমন্ত্রীয়ে তেওঁক সোণৰ বেট আৰু বংগৰ ক্ৰিকেট সন্থাৰ সোণৰ বল উপহাৰ দিয়ে।
