উৎকৃষ্ট চকুৰ যতন কেন্দ্ৰ দ্য ৰেটিনা চেণ্টাৰে আগবঢ়াইছে সহজে লাভ কৰিব পৰা চকুৰ যত্ন

528

দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰোগীৰ চিকিৎসা কেন্দ্ৰ হিচাপে গুৱাহাটীয়ে দ্ৰুতগতিত প্ৰাধান্য লাভ কৰিছে। গুৱাহাটীৰ ৰুক্মিনিগাঁৱত দ্য ৰেটিনা চেণ্টাৰে আপোনাৰ চকুৰ সৈতে জড়িত সকলো সমস্যাৰ সমিধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে, বৰ্তমানে থকা গুৱাহাটীৰ বিভিন্ন হাস্পতাল আৰু চিকিৎসা কেন্দ্ৰৰ মাজত ব্যতিক্ৰমী ধৰণে আৰম্ভ কৰিছে সেৱা। চকুৰ যত্ন-চিকিত্সাৰ জটিল জগতখনত অভিজ্ঞ ডাঃ এছ ইউ আহমেদে প্ৰতিষ্ঠা কৰা এই কেন্দ্ৰটো চকুৰ ৰোগ চিনাক্তকৰণ, চিকিৎসা সেৱা আৰু চকুৰ যত্নৰ ক্ষেত্ৰত প্ৰয়োজনীয় গুৰুত্বৰ সৈতে মোকাবিলা কৰি দৃষ্টিশক্তিৰ সংৰক্ষণ আৰু পুনৰুদ্ধাৰ আৰু আৰোগ্যৰ বাবে সম্পূৰ্ণৰূপে উৎসৰ্গিত। জৈৱ অভিযান্ত্ৰিকীকৰণ(বায়লজিকেল ইঞ্জনিয়াৰিং)ৰ প্ৰভাৱ আৰু ব্যস্ত জীৱনত বিভিন্ন কাৰকৰ বাবে চকুৰ স্বাভাৱিক কাৰ্য-কলাপত ব্যাঘাত জন্মাব পৰা একাধিক ৰোগৰ সন্মুখীন হ’বলগীয়া হয়।

মায়’পিয়াৰ দৰে সাধাৰণ বিৱৰ্তন ৰোগৰ পৰা আৰম্ভ কৰি ৰেটিনাক প্ৰভাৱিত কৰা গুৰুতৰ অৱস্থা যেনে ডায়েবেটিক ৰেটিনোপেথী আৰু মেকুলাৰ ডিজেনেৰেচনলৈকে চকুৰ বিভিন্ন ৰোগৰ চিকাৰ হ’ব লগা হয়। গুৱাহাটীৰ ৰেটিনা চেণ্টাৰে দৃষ্টিশক্তিহীনতাৰ বিৰুদ্ধে দুৰ্গ হিচাপে থিয় দি এই অৱস্থাৰ পৰা পৰিত্ৰাণ দিবলৈ ব্যাপক যতন আৰু সেৱা প্ৰদান কৰিছে। শেহতীয়াভাৱে চিকিৎসা বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ সুবাদত চকুৰ স্থিতি নিৰ্ণয় আৰু চিকিৎসা অধিক সুলভ হৈ পৰিছে। সময়ৰ লগে লগে এই চিকিৎসাৰ ব্যয় বিশেষভাৱে হ্ৰাস পাইছে, তাৰ মাজতো লাখ লাখ ভাৰতীয়ই এতিয়াও আৰ্থিক সীমাবদ্ধতাৰ বাবে অত্যাৱশ্যকীয় যতন-চিকিত্সাৰ সুবিধাৰ অভাৱত ভোগে আৰু বঞ্চিত হ’ব লগা হয়। এই ব্যৱধান নোহোৱা কৰিবলৈ সমগ্ৰ ভাৰতৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে যৌথভাৱে বিভিন্ন ৰাজ্যত স্বাস্থ্য বীমা আঁচনিৰ জৰিয়তে আগশাৰীৰ ব্যক্তিগত চিকিৎসালয়সমূহৰ সৈতে সহযোগিতা কৰি আহিছে। এই পদক্ষেপবোৰৰ জৰিয়তে উন্নত মানদণ্ডৰ চকুৰ যত্ন অধিক সুলভ আৰু অধিকাংশ জনসংখ্যাৰ বাবে উপলব্ধ কৰাৰ লক্ষ্য হাতত লৈছে। ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সন্মিলিত সম্পদসমূহ ব্যৱহাৰ কৰি এই স্বাস্থ্য বীমা আঁচনিবোৰে নিশ্চিত কৰিব বিচাৰে যে জীৱনৰ সকলো স্তৰৰ ব্যক্তিয়ে নিজৰ চকুৰ স্থিতিৰ বাবে প্ৰয়োজনীয় চিকিৎসা প্ৰাপ্ত কৰিব পাৰে। এই সহযোগিতামূলক পদ্ধতিয়ে ভাৰতত চকুৰ ৰোগৰ বোজা আৰু ৰোগৰ কাৰক নিৰ্ণয় কৰি যথেষ্ট পৰিমাণে হ্ৰাস কৰাৰ আৰু সমগ্ৰ দেশতে চকুৰ যত্নৰ সামগ্ৰিক মানদণ্ড উন্নত কৰাৰ সম্ভাৱনা প্ৰকট কৰি তুলিছে। এই বিষয়ে ৰেটিনা চেণ্টাৰৰ জ্যেষ্ঠ পৰামৰ্শদাতা আৰু প্ৰতিষ্ঠাপক ডাঃ এছ ইউ আহমেদে কয় যে, “স্বাস্থ্য বীমা স্কীমবোৰৰ জৰিয়তে আৰ্তজনক উন্নত চিকিৎসা, পৰীক্ষা আৰু চিকিৎসা ব্যয়ৰ সৈতে সহায় আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে। ভাৰতৰ উত্তৰ-পূব খণ্ডৰ এক আগশাৰীৰ চকু চিকিৎসালয় হিচাপে চকুৰ যিকোনো স্থিতি আৰু যিকিনো বয়সৰ লোকক চুই যাবলৈ আমি প্ৰয়াস কৰিছোঁ। এই সুযোগৰ বাবে আমি মেঘালয় চৰকাৰৰ ওচৰতো কৃতজ্ঞ।”

গুৱাহাটীত ৰেটিনা চেণ্টাৰে এক অগ্ৰণী ছুপাৰ আই স্পেচিয়েলিটী চকু চিকিৎসালয় হিচাপে উত্তৰ-পূৰ্বাঞ্চলৰ দূৰৱৰ্তী আৰু গাঁৱত বাস কৰা লোকসকলক “নূন্যতম খৰচত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ মানসম্পন্ন চকুৰ যতন সেৱা প্ৰদান”ৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে। এই হাস্পতালখনত চকুৰ সাধাৰণ অৱস্থাৰ পৰা আৰম্ভ কৰি চকুৰ জটিল ৰোগলৈকে নিদান আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সুলভ খৰচত মানসম্পন্ন চকুৰ যতন প্ৰদানৰ বাবে চিকিৎসালয়খনৰ নিষ্ঠা আৰু দায়বদ্ধতা সদায়ে আছে। চৰকাৰী কৰ্মচাৰী আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহে বিভিন্ন গুৰুত্বপূৰ্ণ স্বাস্থ্য আঁচনিৰ সৈতে চিকিৎসালয়খনত অন্তৰ্ভুক্ত কৰা হৈছে, যিবোৰৰ ভিতৰত আছে: মেঘালয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ, চিজিএইচএছ, ইএছআইচি, পিএমজেৱাই-আয়ুষ্মান ভাৰত, অ’এনজিচি, ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ, ভাৰতীয় খাদ্য নিগম, উত্তৰ-পূব সীমান্ত ৰে’লৱে, আইচিএআৰ (ভাৰতীয় কৃষি গৱেষণা পৰিষদ), এনআইপিআৰ (নেচনেল ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল এডুকেচন আৰু ৰিচাৰ্ছ), ভাৰতীয় চাহ ব’ৰ্ড, জিআইপিএছএ (সাধাৰণ বীমা ৰাজহুৱা খণ্ড সংস্থা) ইত্যাদি। স্বাস্থ্য বীমা প্ৰদানকাৰীৰ বাবে প্ৰধান তৃতীয় পক্ষৰ এডমিনিষ্ট্ৰেটৰসকলে (টিপিএ) নগদবিহীন চিকিৎসাৰ বাবে দ্য ৰেটিনা চেণ্টাৰক স্বীকৃতি দিয়ে। এই গুৰুত্বপূৰ্ণ টিপিএসমূহৰ ভিতৰত কিছুমান হ’ল: মেডি এছিষ্ট টিপিএ, এফএইচপিএল টিপিএ, ৰক্ষা টিপিএ, পেৰামাউণ্ট টিপিএ, হেৰিটেজ হেল্থ টিপিএ, ভিডাল হেল্থ ইঞ্চুৰেন্স, বাজাজ এলিয়ানজ ইঞ্চুৰেন্স, ফিউচাৰ জেনেৰেলী ইঞ্চুৰেন্স, এইচডিএফচি এৰ্গ ইঞ্চুৰেন্স, আইচিআইচিআই লোম্বাৰ্ড ইঞ্চুৰেন্স, মেক্স বুপা বীমা, ষ্টাৰ হেল্থ বীমা, এছ বি আই জেনেৰেল বীমা, ৰিলায়েন্স জেনেৰেল বীমা, হেল্থ ইঞ্চুৰেন্স টিপিএ অৱ ইণ্ডিয়া লিমিটেড (এইচআইটিপি এ) আদি।