কাতি মাহ পাৰ হৈ আঘোন মাহ অহাৰ লগে লগেই সোণোৱালী হৈছে পথাৰ। সোণগুটিৰে সোণোৱালী হৈ পৰা আঘোনৰ পথাৰত চহা কৃষক-দাৱনীৰ সীমাহীন ব্যস্ততা। কিন্তু ৰাজ্যৰ আন বহু অঞ্চলৰ দৰে পশ্চিম গুৱাহাটীৰ শালি ধানৰ খেতিৰ বাবে বিখ্যাত বৃহত্তৰ ৰাণী অঞ্চলত পূৰ্বৰে পৰা অব্যাহত আছে বনৰীয়া হাতীৰ উপদ্রব। ফলত ৰাণীৰ বহু অঞ্চলত ধান ভালকৈ নপকতেই কৃষক ৰাইজে কাতি মাহৰ শেষৰ সপ্তাহৰ পৰাই পথাৰত ধান কটিবলৈ বাধ্য হৈছে। সাধাৰণতে ৰাণী অঞ্চলত ধান খেতি চপোৱাৰ সময়ত হাতীৰ উপদ্ৰৱ নতুন কথা নহয় যদিও হাতীৰ উপদ্ৰৱৰ বাবে বহু কৃষকে আঘোণ মাহ আৰম্ভ নহওতেই আধা পকা ধান কাটিবলৈ বাধ্য হৈছে। তাৰ মাজতো ৰাণীৰ কৃষক সকল এতিয়া ব্যস্ত হেঁপাহৰ খেতিডৰা চপোৱাত।
এই সন্দৰ্ভত দীপৰ বিলৰ কাষৰীয়া দেউচতালৰ বাসিন্দা তথা ৰাণীৰ আন্ধেৰীজুলি অঞ্চলত শালি ধানৰ খেতি কৰি অহা আদৰ্শ কৃষক বলেশ্বৰ ৰংপী, বিক্ৰমপুৰৰ যুৱ কৃষক জোন ৰাভা, পুৰাণ শুকুৰবৰীয়াৰ দীনেশ নাথ, মৈৰাপুৰৰ ৰমেশ দাস , সংগ্ৰামী কৃষক শ্ৰমিক সংঘৰ সাধাৰণ সম্পাদক তথা ৰাণীৰ গুইমাৰীৰ বাসিন্দা দীনেশ দাসকে ধৰি কেবাজনো কৃষকে জানিবলৈ দিয়া মতে সাধাৰণতে ৰাণীৰ খেতি পথাৰত আঘোণ মাহ আৰম্ভ হোৱাৰ পাছতেই ধান কটা পৰ্ব আৰম্ভ হয়। কিন্তু হাতীৰ উপদ্ৰৱৰ বাবে বাধ্যত পৰি কিছু আগতীয়াকৈ কাটিব লগা হৈছে । যাৰ বাবে পথাৰত এতিয়া সকলো ব্যস্ত সপোনৰ সোণগুটি চপোৱাত। গীত, নৃত্য, আনন্দ – উল্লাহৰ মাজত কাঁচীৰ কেচ কেচ শব্দই এতিয়া মুখৰিত কৰিছে আঘোনৰ পথাৰ। সপোনৰ সোণগুটিৰে সোণোৱালী হৈ পৰা পথাৰখনিত লখিমীক আদৰি অনাৰ বাবে ব্যক্ত দাৱনী তথা চহা কৃষক সকল।
কৃষকে চাৰি – পাঁচ মাহ পূৰ্বে ৰদ – বৰষুণক নেওচিও কপালৰ ঘাম মাটিত পেলাই অতি কষ্টৰে কৰা খেতিডৰা চপাই কৃষক ৰাইজ আনন্দিত হোৱা বুলি বলেশ্বৰ ৰংপী, আদৰ্শ ৰোৱনী হিচাপে পৰিচিত তথা আজাৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী কবিতা বড়ো ৰংপী, ৰাণী আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি পৰমেশ্বৰ বৰ্মন , জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰবীন দৈমাৰী , সমাজকৰ্মী শ্যাম ৰাভাকে ধৰি কৃষি – কৰ্মৰ লগত জৰিত একাংশ কৃষকে। উল্লেখ্য যে যিসকল কৃষকে কিছু আগতীয়াকৈ ধান কাটিবলৈ বাধ্য হৈছিল তেওঁলোকে আধুনিক পদ্ধতিৰে মৰণা মৰা যন্ত্ৰ তথা মেচিনৰ সহায়ত পথাৰতে মৰণা মৰা পৰ্ব আৰম্ভ কৰা পৰিলক্ষিত হৈছে।
