সোণাৰি, চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত বিগত বৰ্ষৰ ২৩ আগষ্টৰ নিশা ৯৮ বছৰ বয়সত নির্বাণগামী হোৱা ড° শাসনবংশ মহাথেৰা ভান্তেৰ ‘পয় লেং’ উৎসৱ তিনি ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত অনুষ্ঠিত হৈছে। উল্লেখযোগ্য যে নির্বাণগামী হোৱা ভান্তেগৰাকীৰ শৱদেহ গাঁওখনত নিয়মানুসৰি ড° শাসনবংশ মহাথেৰাৰ ‘পয় লেং’ উৎসৱ পৰম্পৰাগত আৰু বিজ্ঞানসম্মতভাৱে এটি কফিনত ভৰাই ‘নিক গান ক্যা’ নামেৰেএটি গৃহত সংৰক্ষণ কৰা অৱস্থাত আছে। এনে প্রেক্ষাপটত ‘ভান্তেগৰাকীৰ শৱদেহ ‘পয় লেং’ উৎসব উদযাপন কৰিবলৈ গাঁওখনত ব্যাপক প্রস্তুতি চলোৱা হয়।উল্লেখ্য যে ‘পয় লেং’ টাই ভাষাৰ দুটা শব্দৰ সমষ্টি ‘পয়’ মানে উৎসৱ আৰু ‘লেং’ মানে বথ, অর্থাৎ বথোৎসৱ। উল্লেখযোগ্য যে গুণবান বৌদ্ধ ভিক্ষুৰ মৃত্যুৰ পিচত তেওঁৰ সংৰক্ষিত শৱদেহৰ অৱশিষ্ট এখন নাৱত স্থাপন কৰি বৌদ্ধ ধর্মীয় নীতি নিয়ম পালন কৰি ভিক্ষুগৰাকীৰ পৰিনির্বাণ প্রাপ্তিৰ কামনা কৰা হয়।তিনিদিনীয়াকৈ অনুষ্ঠিত এই উৎসৱৰ শেষৰ দিনা মৃত বৌদ্ধ ভিক্ষুগৰকিৰ সংৰক্ষিত দেহৰ অৱশিষ্টসমূহ বাহনখনসহ জ্বলাই দিয়া হয়। মন কৰিবলগীয়া যে এগৰাকী ভিক্ষুব মৃত্যু হ’লে তেওঁব শৱদেহ লগে লগে দাহ কৰা বা কবৰ দিয়া নহয়। ভিক্ষুগবাকীৰ শৱদেহ ৭/৮ মাহলৈ এক পৰম্পৰাগত আৰু বিজ্ঞানসম্মতভাবে এটি কফিনত ভৰাই ‘নিক পান কাং’ নামেৰে এটি গৃহত সংৰক্ষণ কৰা হয়।
ইয়াৰ পিচত ‘পয় লেং’ উৎসৱ আয়োজন কৰি উক্ত কফিন বথত স্থাপন কৰাহয়। উক্ত বথতে ভিক্ষুগৰাকীৰ প্রতি শেষ শ্রদ্ধাঞ্জলি জনোৱাৰ পিচত উপস্থিত ৰাইজে উক্ত বথ দুয়োফালৰ পৰা ৰচি টনা খেলৰ দৰে টনা-টনি কৰে।এই কার্য এক পুণ্যৰ কাম বুলি কৰা হয় আৰু ইয়াৰ খাবা মৃত ভিক্ষুজনাই সন্তুষ্টি লাভ কৰিছে বুলি বিশ্বাস কৰা হয়। বিশেষভাবে মন কৰিবলগীয়া যে এগৰাকী ভিক্ষুৰ শৱদেহ সংৰক্ষণ আৰু ‘পয় লেং’ উৎসৱৰ জৰিয়তে প্রতিগৰাকী বৌদ্ধ ভিক্ষুৰে মানৱ দেহ যে প্রাকৃতিক তত্ত্বৰে গঠিত আৰু দেহ যে অস্থায়ী ইয়াকে কৈ যায়। সময়ৰ লগে লগে দেহ ক্ষয় যায় আৰু জন্মৰ দৰে মৃত্যুও এক প্রাকৃতিক পৰিঘটনা।গতিকে ব্যক্তিয়ে এই পৃথিবীৰ জ্বালা-যন্ত্রণাক মৃত্যুৰ জৰিয়তে অতিক্রম কৰাৰ দুখ কৰিবলগীয়া একো নাথাকে বুলি জ্ঞান বিলায়। ৩, ৪ আৰু ৫ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ড’ শাসনবংশ মহাথেৰাৰ ‘পয় লেং উৎসৱটি পালনৰ বাবে গ্রামাঞ্চলটোত প্রায় ত্রিশ বিঘা মুকলি পথাৰত উদ্যাপন সমিতিয়ে দুশ ফুট দীঘ বিশাল মণ্ডপ, পঞ্চাশ ফুট দীঘল এখন বথ, ভোজনালয়, গ্রন্থ আৰু বাণিজ্য বিপণী, তোৰণসহ আটকধুনীয়াকৈ উদযাপনস্থলী সজোৱা হৈছে।
উত্তৰ-পূব ভাৰতৰ বৌদ্ধধর্মীয় লোকৰ লগতে জাতি ধর্ম নির্বিশেষে তিনিটা দিনত এক লাখ লোকৰ সমাবেশ ঘটে। অনুষ্ঠানটোত দক্ষিণ কোৰিয়া থাইলেগু, ম্যানমাৰ আৰু চীনৰ অতিথিয়ে এই অনুষ্ঠানত অংশগ্রহণ কৰে। ইতিমধ্যে উৎসবটো উদযাপন কৰাৰ উপলক্ষত আয়োজক সমিতিয়ে পয় লেং উৎসৱটি সাফল্যমণ্ডিত কৰিবলৈ গ্রামাঞ্চলটোব পুরুষ-মহিলা, যুবক-যুবতীসকল, উদযাপন সমিতির বিষয়ববীয়া আৰু কর্মকর্তাসকল দিনে-নিশাই মগ্ন হৈ পৰা দেখা গৈছিল। ইফালে কার্যসূচী অনুসৰি প্রথম দিনা পুরা ৫.৩০ বজাত মংগলাচৰণ, ভিক্ষু সংথক অন্নদান, বৌদ্ধ পতাকা উত্তোলন, স্মৃতি তর্পণ আৰু ভদন্ত মহাথেৰ ভান্তেৰ সংৰক্ষিত শৱদেহ বথত প্রতিষ্ঠা কৰা হ’য়। দিনৰ ১১ বজাত বথ টনা কার্য শুভাৰম্ভনি আৰু বিশেষ সম্বর্ধনা অনুষ্ঠান অনুষ্ঠিত হ’য়। ৪ ফেব্রুৱাৰিৰ দিনা বথ টনা কার্যসূচীৰ লগতে ড’ শাসনবংশ মহাথেৰ সৌৱৰণি সভা অনুষ্ঠিত হ’য়। উক্ত সভাত অসম চৰকাৰৰ কেইবাজনো মন্ত্রী, বিধায়ক, সাংসদৰ লগতে বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে। তৃতীয় দিনা অন্তিমবাৰলৈ বথ টনা কার্যৰ লগতে দাহ কার্য সম্পন্ন কৰা হ’য়।