কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি আয়োজিত এক বৈঠকত নৱ নিযুক্ত জিলা আয়ুক্ত স্বপ্নীল পালে জিলা প্ৰশাসনৰ বিষয়া -কৰ্মচাৰীৰ সৈতে মত-বিনিময় কৰে। বৈঠকত অংশগ্ৰহণ কৰি আয়ুক্তগৰাকীয়ে সংশ্লিষ্ট সকলোকে নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সকলো কাম সম্পূৰ্ণ কৰিবলৈ আহ্বান জনায়। তদুপৰি সকলোৰে সৈতে নম্ৰ ব্যৱহাৰ কৰাৰ উপৰি
সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া-কৰ্মচাৰীসকলক একাগ্ৰতা আৰু নিষ্ঠাৰে নিজৰ নিজৰ দায়িত্ব পালন কৰি যাবলৈ অনুৰোধ জনায়। আজিৰ এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত পাৰিজাত ভূঞা, অতিৰিক্ত আয়ুক্ত কেচিঅ’ কৰণ পেগু,কংকন শৰ্মা, নিৰ্বাচনী বিষয়া মানস জ্যোতি বৰা,সহকাৰী আয়ুক্তসকল লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ অন্যান্য বিষয়া -কৰ্মচাৰীসকল উপস্থিত থাকে।
