শুকুৰবাৰৰ নামাজ বিৰতি প্রত্যাহাৰৰ অসম বিধানসভাৰ সিদ্ধান্তক সমৰ্থন মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ

227

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ) আৰু বিশ্ব হিন্দু পৰিষদৰ সৈতে জড়িত মুছলিম ৰাষ্ট্ৰীয় মঞ্চই শুকুৰবাৰৰ নামাজৰ বাবে দুঘণ্টাৰ বিৰতিৰ ব্ৰিটিছ কালৰ সিন্ধান্ত বাতিল কৰাৰ অসম বিধানসভাৰ সিদ্ধান্তক সমৰ্থন জনাইছে। অসম চৰকাৰৰ সিদ্ধান্তক দুয়োটা সংগঠনে আদৰণি জনাইছে। ইয়াৰ লগতে এই সংগঠনসমূহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো প্ৰশংসা কৰিছে। মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ ৰাষ্ট্ৰীয় আহ্বায়ক শ্বাহিদ ছাইদে কয় যে এই সিদ্ধান্তই দেশৰ ধৰ্মনিৰপেক্ষতাক শক্তিশালী কৰে।

 লগতে, এই সিদ্ধান্তই দেশৰ প্ৰগতিশীল মূল্যবোধক শক্তিশালী কৰিব। তেওঁ আৰু কয় যে কৰ্ম হৈছে উপাসনা আৰু এই নীতি সকলো ধৰ্মৰ লোকৰ ক্ষেত্ৰত সমানে প্ৰযোজ্য। মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ ৰাষ্ট্ৰীয় আহ্বায়ক শ্বাহিদ ছাইদে লগতে কয় যে চৰকাৰী কামত ধৰ্মীয় ভিত্তিত যিকোনো ধৰণৰ বিশেষাধিকাৰে বৈষম্য বৃদ্ধি কৰে।

 বিশেষকৈ মুছলমানসকলৰ কথা মনত ৰাখি নামাজৰ বাবে দুঘণ্টা বিৰতি ৰখাৰ লক্ষ্যৰে ১৯৩৭ চনত মুছলিম লীগৰ চৈয়দ চাদুল্লাই এই প্ৰথা আৰম্ভ কৰিছিল। কিন্তু যদি এইটো ইমান প্ৰয়োজনীয় হ’লহেঁতেন, ইয়াক কেৱল এখন ৰাজ্যতে নহয়, সমগ্ৰ দেশতে কাৰ্যকৰী কৰা হ’লহেঁতেন।