অৱশেষত আঁতৰিল বিতৰ্কিত কথাছবি ‘দ্য কেৰেলা ষ্টৰী ২: গোজ বিয়ণ্ড’ৰ মুক্তিৰ ওপৰত থকা আইনী বাধা। শুকুৰবাৰে কেৰালা উচ্চ ন্যায়ালয়ৰ এক সংমণ্ডল বিচাৰপীঠে ছবিখনৰ মুক্তিৰ ওপৰত লগোৱা ১৫ দিনীয়া অন্তৱৰ্তীকালীন স্থগিতাদেশ প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগে লগে নিৰ্ধাৰিত সূচী অনুসৰিয়েই ছবিখন ছবিগৃহলৈ অহাৰ পথ মুকলি হৈ পৰিছে। উল্লেখ্য যে, মাত্ৰ এদিন পূৰ্বে উচ্চ ন্যায়ালয়ৰ একক বিচাৰপীঠে চেন্সৰ ব’ৰ্ডৰ প্ৰমাণীকৰণক লৈ প্ৰশ্ন উত্থাপন কৰি ছবিখনৰ মুক্তি স্থগিত কৰিছিল।
ন্যায়াধীশ এছ এ ধৰ্মাধিকাৰী আৰু পি ভি বালকৃষ্ণনৰ বিচাৰপীঠে প্ৰযোজক বিপুল অমৃতলাল শ্বাহে দাখিল কৰা আপীলৰ শুনানি গ্ৰহণ কৰি এই ৰায় প্ৰদান কৰে। শুকুৰবাৰে ছবিখন দেশৰ ১৫০০ আৰু বিদেশৰ ৩০০ খন ছবিগৃহত মুক্তি দিয়াৰ কথা আছিল। এন ডি এ চৰকাৰৰ সমৰ্থন আৰু বিৰোধী দলসমূহৰ তীব্ৰ বিৰোধিতাৰ মাজতে ছবিখনৰ মুক্তিক লৈ সমগ্ৰ দেশতে এক উত্তপ্ত ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হৈছে।
প্ৰযোজক বিপুল অমৃতলাল শ্বাহৰ অধিবক্তাই আদালতত যুক্তি দৰ্শায় যে ছবিখনত কোনো বিশেষ ধৰ্ম বা ৰাজ্যক অপমান কৰা হোৱা নাই।
তেওঁ লগতে কয়, “ছবিখনে কেৱল সমাজত চলি থকা এক ব্যাধিকহে প্ৰতিফলিত কৰিছে। ছবিখনৰ মুক্তি যদি স্থগিত কৰা হয়, তেন্তে প্ৰযোজকপক্ষই অভূতপূৰ্ব আৰ্থিক লোকচানৰ সন্মুখীন হ’ব।” আনহাতে, আবেদনকাৰী পক্ষই ছবিখনৰ ট্ৰেইলাৰত থকা কিছুমান দৃশ্যই ধৰ্মীয় সম্প্ৰীতি নষ্ট কৰিব পাৰে বুলি অভিযোগ উত্থাপন কৰিছিল।
কামাখ্যা নাৰায়ণ সিংৰ পৰিচালনাত নিৰ্মিত এই ছবিখনত উল্কা গুপ্তা, অদিতি ভাটিয়া আৰু ঐশ্বৰ্য ওঝাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ কাহিনীত হিন্দু মহিলাক প্ৰেমৰ জালত পেলাই ধৰ্মান্তৰিত কৰাৰ বিষয়টো গুৰুত্বসহকাৰে উপস্থাপন কৰা হৈছে। এই বিষয়টোক লৈ ইতিমধ্যে কেৰালাৰ মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইয়াক ‘সাম্প্রদায়িক প্ৰচাৰ’ বুলি অভিহিত কৰিছে। উচ্চ ন্যায়ালয়ৰ আজিৰ এই ৰায়দানৰ পাছত ছবিখনক লৈ চলি থকা বিতৰ্কই এতিয়া এক নতুন মাত্ৰা লাভ কৰিছে।
