দেশ এতিয়া বহু আগবাঢ়ি গ’ল। কিন্তু আধুনিক বুলি কোৱা এই সময়ৰ মাজতো সংঘটিত কিছুমান ঘটনাই বহুতকে আচৰিত কৰি তোলে। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। এগৰাকী মহিলাক অতি নৃশংসভাৱে হত্যা কৰা হয়।জানিব পৰা মতে, মহিলাগৰাকীৰ তিনিগৰাকী কন্যা সন্তান আছিল। পুত্ৰ সন্তান নথকা বাবে স্বামী পৰিয়ালে এই নৃশংসকাণ্ড সংঘটিত কৰে।
আচৰিত কথা এয়াই যে, এই সময়ত তিনি কন্যা সন্তান ঘটনাৰ সাক্ষী হৈ ৰয়। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ গঞা জিলাত।জানিব পৰা মতে, দেওবাৰে মাজনিশা সংঘটিত হৈছে এই ঘটনা। এই সমগ্ৰ কাণ্ড সন্দৰ্ভত মহিলাগৰাকীৰ ১০ বছৰীয়া কন্যাই কয় যে, তেওঁৰ পিতৃয়ে প্ৰথমে দুৱাৰ বন্ধ কৰি মাতৃক মাৰপিট কৰিবলৈ আৰম্ভ কৰে।
মাতৃয়ে যেতিয়া নিজকে ৰক্ষা কৰিবলৈ চেষ্টা কৰে তেতিয়া ককাক আৰু আইতাকে হাত-ভৰি বান্ধি ৰাখে আৰু পাছত পিতৃয়ে ডিঙি চেপি হত্যা কৰে। অৱশেষত মাতৃয়ে মৃত্যুক সাৱতি লৈছিল।অভিযুক্ত স্বামীৰ নাম নীতিশ চৌধাৰী বুলি চিনাক্ত হৈছে। জানিব পৰা মতে, এই হত্যাকাণ্ডৰ পাছতে মহিলাগৰাকীৰ ৩ সন্তান মৃতদেহৰ কাষত বহি থাকে।
